নলবাৰীৰ পৰা হেমন্ত কলিতা:
জাতি-মাটি-ভেটি,ভাষা,সংস্কৃতি নিঃশেষ কৰিবলৈ বিচৰা নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিলৰ দাবীত যোৱা ৭ মাৰ্চৰ সন্ধিয়া সদৌ নলবাৰী জিলা ছাত্র সন্থাই নলবাৰী চহৰৰ মাজেৰে প্ৰতিবাদী জোঁৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।হাতে -হাতে জোঁৰ লৈ সহস্ৰাধিক আছুৰ নেতা-কৰ্মী,বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি,স্থানীয় ৰাইজ তথা প্ৰতিবাদকাৰীয়ে সৰ্বানন্দ সোণোৱাল হায় হায়,'কা' বাতিল হ'বই লাগিব,জাতি আজি ৰাজপথত,সৰ্বা তোমাৰ কাম নাই,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ হায় হায়,ফণী-কেশৱ, অতুল-মুৰ্দাবাদ,নৰেন্দ্ৰ মোদী হুচিয়াৰ,আছে হেংদাং লোৱা নাই 'ল'লে হেংদাং ৰক্ষা নাই আদি শ্লোগানেৰে সমগ্ৰ ৰাজপথ উত্তাল কৰি তোলে।উক্ত জোঁৰ সমদলত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন,'আছু'ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱাই কয় যে কোনো কাৰণতে এই জাতিধ্বংসী আইনখন মানি লোৱা নহ'ব।অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত,অসমীয়াৰ জাতীয় অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত 'কা' বাতিল হ'বই লাগিব।অগ্নিগৰ্ভ অসমত পুনৰ 'কা' জাপি দি বিজেপি শাসনাধিষ্ঠিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ জাতীয় জীৱন বিপদাপন্ন কৰিবলৈ বিচাৰিছে,এনে কাৰ্য্য জাতীয় সংগঠন আছুৱে মানি নলয় বুলি আছু নেতৃত্বই চৰকাৰলৈ সকীয়াই দিয়ে।জোঁঁৰ সমদলত সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক,সাধাৰণ সম্পাদক অক্ষয় ডেকাই আৰম্ভণিতে চৰকাৰৰ দমন নীতিৰ কঠোৰ সমালোচনা কৰাৰ লগতে বিভাজন,ধৰ্মৰ নামত ভাগ- ভাগ,প্ৰলোভনৰ ৰাজনীতি আদি অসমৰ ৰাইজে বুজি পাইছে বুলি বক্তব্য আগবঢ়ায়।নলবাৰী জিলাৰ বিভিন্ন আঞ্চলিকৰ পৰা অহা আছুৰ কৰ্মীয়ে উলিওৱা উক্ত জোঁৰ সমদলটোৱে নলবাৰীৰ শ্বহীদ ভৱনৰপৰা পিএনচি ৰোড হৈ কলেজ ৰোড,এলএনবি ৰোডৰ মাজেৰে নাগাৰা চ'ক হৈ জৈন মন্দিৰ আৰু বড় মছজিদ হৈ শ্বহীদ ভৱনৰ সমীপত সফল সামৰণি পৰে।
- Log in to post comments
- 10 views