বৰভাগৰ পৰা সঞ্জয় দাস:
অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আয়োজন কৰা এটা যোগ্যতা নিৰূপক পৰীক্ষাত নলবাৰী জিলাৰ পৰা অংশগ্ৰহণ কৰা অংশুমান ভট্টাচাৰ্য আৰু ভাৱনা কাশ্যপ ৰাজ্যিক পৰ্যায়ৰ দললৈ নিৰ্বাচিত হৈছে।যোৰহাটৰ উত্তৰ -পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ বিশেষ প্ৰশিক্ষণলৈ নিৰ্বাচিত হৈছে জিলাখনৰ এই দুগৰাকী মেধাবী ছাত্র-ছাত্ৰী। অসমৰ মুঠ ১৮ জন ছাত্র-ছাত্ৰীক লৈ নিৰ্বাচিত কৰা দলটোৱে অহা জুলাই মাহত যোৰহাটৰ উত্তৰ-পূব বিজ্ঞান প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অনুষ্ঠিত হ'ব লগা বিশেষ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে অসমৰ প্ৰতিখন জিলাৰ পৰা যোৱা ২০১৯ বৰ্ষত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰা শিশু বিজ্ঞানীসকলৰ মাজৰে পৰা দুজনকৈ শিশু বিজ্ঞানীক নিৰ্বাচিত কৰি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটি বিশেষ যোগ্যতা নিৰূপক পৰীক্ষাৰ আয়োজন কৰিছিল।শনিবাৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত নিৰ্বাচিত ১৮ জন ছাত্র- ছাত্ৰীৰ নাম ঘোষণা কৰা হয়।নিৰ্বাচিত দলটোৰ ভিতৰত নলবাৰী জিলাৰ পৰা অংশগ্ৰহণ কৰা দুয়োগৰাকী ছাত্র-ছাত্ৰীয়ে নিৰ্বাচিত হোৱা খবৰ জিলাখনলৈ অহা আনন্দৰ খবৰ হিচাপে বিবেচিত হৈছে।ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নলবাৰীৰ জিলা সমন্বয়ক প্ৰদীপ মহন্তৰ নেতৃত্বত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হোৱা অনুষ্ঠানত নলবাৰীৰ দলটোৱে অংশগ্ৰহণ কৰিছিল।শুকুৰবাৰে ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই নিৰ্বাচিত ছাত্র-ছাত্ৰী সকলক প্ৰমাণপত্ৰ আৰু বঁটা প্ৰদান কৰে।অনুষ্ঠানটোত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব হেমেন দাস, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক অৰূপ কুমাৰ মিশ্ৰ আৰু অসম বিজ্ঞান সমিতিৰ সম্পাদক জয়দ্বীপ বৰুৱাই অংশগ্ৰহণ কৰে।নলবাৰী জিলাৰ পৰা অংশগ্ৰহণ কৰি নিৰ্বাচিত অংশুমান ভট্টাচাৰ্য হাৰিভাঙা উচ্চ মাধ্যমিক বিদ্যালয় আৰু ভাৱনা কাশ্যপ ৰাজকদমতল বালিকা বিদ্যাপীঠৰ ছাত্ৰী।শিক্ষাৰ্থী দুগৰাকীৰ এই কৃতিত্বৰ বাবে নলবাৰীৰ বিধায়ক অশোক শৰ্মা, জিলাখনৰ উপায়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰী , ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নলবাৰী জিলাৰ সভাপতি দীনমণি ভাগৱতী,বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎষ্ণাৰাণী বৰ্মন, জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা, নলবাৰী জিলা ছাত্র সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি কেবাটাও দল-সংগঠনে শুভেচ্ছা জনাইছে।
- Log in to post comments
- 20 views