হাজোৰ পছৰীয়াত তিনিদিনীয়াকৈ লক্ষ্মী পূজাৰ আয়োজন

Pic

হাজো:হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পছৰীয়াবাসী ধৰ্মপ্ৰাণ ৰাইজৰ উদ্যোগত অহা ৩ ৰ পৰা ৫ (১৯ৰ পৰা ২১ফাগুন)মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে ১০৮ সংখ্যক পছৰীয়া সাৰ্বজনীন শ্ৰীশ্ৰী লক্ষ্মী পূজা উদযাপন কৰা হ'ব।ইতিমধ্যে উত্তম কলিতাক সভাপতি, বসন্ত কলিতাক ধন ভৰালী আৰু ধৰণীধৰ কলিতাক সম্পাদক হিচাপে লৈ উদযাপন সমিতিখন গঠন কৰিছে।পছৰীয়া হাঁওৰাপাৰত অনুষ্ঠিতব্য লক্ষ্মী পূজাৰ কাৰ্যসূচী অনুসৰি ৩ মাৰ্চৰ পুৱা প্ৰভাত ফেৰীৰ পিছত ৯ বজাত পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ব।দিনৰ ১০ বজাত গছপুলি ৰোপণ কৰিব।বিয়লি ৩ বজাত প্ৰতিমা লৈ শোভাযাত্ৰা,সন্ধিয়া বেদীত প্ৰতিমা স্থাপনৰ বন্তি প্ৰজ্বলন কৰিব জীৱন কলিতাই।দেৱীৰ স্তুতি মন্ত্ৰ আৰু দেৱী বন্দনাৰ পিছত আয়তীসকলৰ নাম-প্ৰসঙ্গ আৰু নিশা ৯ বজাৰ পৰা পছৰীয়া মা লক্ষ্মী নাট্য পৰিষদে নাট্যাভিনয় কৰিব।মঞ্চ উদ্ধোধন কৰিব খগেন কলিতাই।৪ মাৰ্চৰ পুৱা জলযাত্ৰাৰ পিছত ৰাজহুৱা সভা দেৱীৰ পূজা পাঠ,ওজাপালিৰ দেৱী বন্দনা আৰু ১১ বজাত আয়তীৰ নাম প্ৰসঙ্গ অনুষ্ঠিত হ'ব।দিনৰ ১২ বজাত হোমদান,পুষ্পাঞ্জলি,শান্তি আৰু প্ৰসাদ বিতৰণ।বিয়লি ২ বজাত ওজাপালি,সন্ধিয়া পাঁচ বজাত আয়তীৰ নাম প্ৰসঙ্গ।সন্ধিয়া আৰতিৰ পিছত সুভাষ নাথ আৰু ৰামচৰণ ভৰালীয়ে নাগাৰা নাম পৰিৱেশন কৰিব।৫ মাৰ্চৰ পুৱা ৯ বজাত দেৱীৰ পূজা,স্তুতি আৰু মন্ত্ৰ পাঠ আৰম্ভ হ'ব।১০ বজাত পুষ্পাঞ্জলি আৰু শান্তি প্ৰদান।১২ বজাত ওজাপালি,বিয়লি ৩ বজাত ধৰ্মালোচনী আৰু মুকলি সভা অনুষ্ঠিত হ'ব।সন্ধিয়া ৫ বজাত প্ৰসাদ বিতৰণেৰে শ্ৰীশ্ৰী লক্ষ্মী পূজাৰ সামৰণি পৰিব।

Your Comments