আশ্চৰ্য!ফেচবুকত আছে ২৭.৫ কোটি ভুৱা-ডুপ্লিকেট একাউন্ট

Pic

ফেচবুকত যে বিপুলসংখ্যক ভুৱা আৰু ডুপ্লিকেট একাউন্ট আছে,সেই বিষয়ে সচেতন ব্যক্তি মাত্ৰকেই জ্ঞাত।এনে ভুৱা একাউন্টৰ জড়িয়তে দুষ্ট প্ৰকৃতিৰ ব্যক্তিয়ে সংঘটিত কৰা অপকৰ্মৰ ভুক্তভুগীও অনেক।কিন্তু,কিমান আছেনো ভুৱা আৰু ডুপ্লিকেট একাউন্ট?এই সংখ্যা সঁচাকৈয়ে অতি বিপুল।ফেচবুক কৰ্তৃপক্ষই প্রকাশ কৰা মতে বিশ্বজুৰি ফেচবুকত ২৭.৫ কোটি ভুৱা-ডুপ্লিকেট একাউন্ট আছে।এই তথ্য ২০১৯ চনৰ ৩১ ডিচেম্বৰলৈকে।এই সংখ্যা ফেচবুকৰ মাহেকীয়া সক্ৰিয় ব্যৱহাৰকাৰীৰ ১১ শতাংশ।ফেচবুক কৰ্তৃপক্ষৰে মতে ইণ্ডোনেছিয়া,ফিলিপিন্সৰ দৰে বিকাশশীল দেশত ভুৱা-ডুপ্লিকেট একাউন্টৰ সংখ্যা সৰ্বাধিক।

Your Comments