দিল্লী বিধানসভাৰ ৭০খন আসনৰ বাবে ভোটগ্ৰহণ আৰম্ভ 

Pic

দীৰ্ঘদিনীয়া প্ৰচাৰৰ অন্তত শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে দিল্লী বিধানসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।৭০খন আসনৰ বাবে আৰম্ভ হৈছে ভোটগ্ৰহণ।পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ আছে দিল্লীৰ বিধানসভা নিৰ্বাচনক লৈ।৬৭২গৰাকী প্ৰাৰ্থী ভাগ্য জনতাই বন্দী কৰিব ইলেকট্ৰনিক ভোটিং মেচিনত।দিল্লী বিধানসভাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১ কোটি ৪৭ লাখ ৮৬ হাজাৰ ৩৮২ গৰাকী।কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আৰম্ভ হৈছে ভোটগ্ৰহণ।সন্ধিয়া ৬ বজাত অন্ত পৰিব ভোটদান প্ৰক্ৰিয়া।ইতিমধ্যে,ভোটগ্ৰহণ কেন্দ্ৰসমূহত দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে।দিল্লীৰ নিৰ্বাচন বিজেপিৰ বাবে হৈছে  এটা অগ্নিপৰীক্ষা।অহা ১১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল।

Your Comments