২৫ খন দেশলৈ বিয়পিছে ক'ৰ'না ভাইৰাছ:চীনত মৃত্যু ৪২৫ জন লোকৰ,কেৰেলাত তিনিজন আক্ৰান্ত

Pic

চীনত ক্ৰমান্বয়ে অপ্ৰতিৰোধ্য হৈ পৰিছে ক'ৰ'না ভাইৰাছ।চীনৰ য়ুহান চহৰত উৎপত্তি ঘটা ভাইৰাছবিধৰ দ্বাৰা সৃষ্ট শ্বাস-প্ৰস্বাসজনিত ৰোগ,জ্বৰ আদিত আক্ৰান্ত হৈছে দেশখনত ২০,০০০ জনতকৈ অধিক নাগৰিক।মৃত্যু হৈছে ৪২৫ জনতকৈ অধিক লোকৰ।ইফালে,চীনৰ পৰা বিশ্বৰ ২৫ খন দেশলৈ বিয়পিছে মাৰাত্মক ভাইৰাছবিধ।ভাৰতৰ কেৰেলাটো তিনিগৰাকী লোক আক্ৰান্ত হোৱাৰ পিছত কেৰেলা চৰকাৰে ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণা কৰিছে।কেৰেলাৰ পৰা চীনৰ য়ুহান মহানগৰলৈ চিকিৎসা পাঠ্যক্ৰম পঢ়িবলৈ যোৱা দুগৰাকী ছাত্ৰৰ চিকিৎসা চলাই থকা হৈছে।অবৈধভাৱে বন্যপ্ৰাণী বিক্ৰী কৰা য়ুহান মহানগৰৰ এখন বজাৰৰ পৰা ভাইৰাছবিধ বিয়পি পৰা বুলি আশংকা কৰা হৈছে।বাদুলীৰ পৰা এই ভাইৰাছবিধ বিয়পি পৰিছে বুলিও কোৱা হৈছে।

Your Comments