মহানগৰীত আমৰি কাৰ্বি ছয় জাতীয় সংগঠনে ৰূপায়ণ কৰিছে অনশন কাৰ্যসূচী।শুকুৰবাৰৰ পুৱাৰে পৰা গুৱাহাটীৰ চচলত সংগঠনকেইটাই ৰূপায়ণ কৰিছে অনশন কাৰ্যসূচী।তেওঁলোকৰ দাবীসমূহ হৈছে-ভাৰতীয় সংবিধানৰ ৩৪২ অনুচ্ছেদ অনুসৰি আমৰি কাৰ্বিসকলক পাৰ্বত্য জনজাতীয় মৰ্যাদা প্ৰদান কৰা,'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিল কৰা,ডিমৰীয়াৰ পৰা তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন শীঘ্ৰে বাতিল কৰা।কাৰ্বি আংলং জিলাৰ বাহিৰত থকা আমৰি কাৰ্বিসকলক জনজাতীয় মৰ্যাদা প্ৰদান কৰা।
- Log in to post comments
- 11 views