কটন কলেজিয়েট হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা অসম জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ৰেক্টৰ,বিশিষ্ট শিক্ষাবিদ,পণ্ডিত বনমালী তালুকদাৰৰ বিয়োগ ঘটিছে।ৰাষ্ট্ৰপতি সন্মানেৰে সন্মানিত বিশিষ্ট শিক্ষাবিদগৰাকীয়ে বৃহস্পতিবাৰে নিশা নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰ কিছু বছৰৰ পিছৰে পৰা তালুকদাৰ জড়িত হৈ পৰিছিল জাতীয় বিদ্যালয়ৰ পৰিয়ালৰ সৈতে।প্ৰায় ডেৰ দশকৰ অধিক কাল জাতীয় বিদ্যালয়ৰ সৈতে জড়িত হৈ থকা তালুকদাৰৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৫বছৰ।
- Log in to post comments
- 22 views