আজি আহোমসকলৰ পৱিত্ৰ মে-ডাম-মে-ফি:মুখ্যমন্ত্ৰীয়ে জনালে শুভেচ্ছা

Pic

তাই আহোমসকলৰ আজি পৰম্পৰাগত পৱিত্ৰ মে-ডাম-মে-ফি।সম্পূৰ্ণ আহোম জনগোষ্ঠীয় পৰম্পৰাৰে পূজা আগবঢ়াই আজিৰ দিনটোত স্মৰণ কৰা হয় আহোমসকলৰ পূৰ্বপুৰুষ তথা উপৰিপুৰুষসকলক।তাই ভাষাৰ শব্দ মে-ডাম-মে-ফিৰ সম্পূৰ্ণ অৰ্থ হৈছে মে-মানে পূজা,ডাম-মৃতক বা উপৰিপুৰুষ, ফি-মানে দেৱতা অৰ্থাৎ স্বৰ্গ দেৱতা আৰু উপৰিপুৰুষসকলক দিয়া পূজা।সাত ৰাজ মাৰি এটা বৃহৎ অসমীয়া জাতি গঠন কৰা প্ৰধান পুৰুষ চাওঁলুং চুকাফাৰ দিনৰে পৰা পালন কৰি অহা হৈছে মে-ডাম-মে-ফি। পূৰ্বৰ বছৰসমূহৰ দৰে এইবাৰো ৰাজ্যৰ ভিন্ন প্ৰান্তত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে মে-ডাম-মে-ফি।আহোমৰ প্ৰথমখন স্থায়ী ৰাজধানী চৰাইদেউত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে মে-ডাম-মে-ফি। গুৱাহাটী মহানগৰীৰ নৰ্থ বৰ্মাত দিনযোৰা কাৰ্যসূচীৰে আজি পালন কৰা হৈছে মে-ডাম-মে-ফি। আহোম শসকলৰ এই পৱিত্ৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।তেওঁ শুভেচ্ছা বাণীত উল্লেখ কৰি কৈছে-'জাতি,ধৰ্ম,বৰ্ণ নির্বিশেষে এখন ঐক্যবদ্ধ আৰু শক্তিশালী অসম গঢ়াৰ যাত্ৰাত স্বৰ্গদেউসকলৰ আশীৰ্বাদে আমাক পথ প্ৰদৰ্শন কৰক।' গুৰুত্বপূৰ্ণ কথা এই যে এই পূজাৰ জৰিয়তে উপৰিপুৰষসকলক স্মৰণ কৰি বিশ্বশান্তি কামনা কৰা হয়।

Your Comments