ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত চোৰাং কাঠসহ ধৃত দুই যুৱক

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত চোৰাং কাঠসহ ধৃত দুই যুৱক

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সিমান্তৱৰ্তী হৰিশিঙাৰ বৰমকুলিত বৃহস্পতিবাৰে এছ এছ বিৰ এটা টহলদাৰী দলে চোৰাং কাঠৰ গাড়ীসহ দুজন চোৰাং কাঠ সৰবৰাহকাৰীক আটক কৰে ।

জানিব পৰামতে, এছ এছ বিৰ টহলদাৰী দলটোৱে টাটা পিক্‌-আপ ভানখন তালাচীৰ বাবে ৰাখিবলৈ দিয়াত বৃহৎ পৰিমাণৰ মুল্যৱান কাঠ প্ৰত্যক্ষ কৰে । এছ এছ বিৰ দলটোৱে লগে লগে গাড়ীসহ দুই যুৱকক আটক কৰে ৷

ধৃত যুৱক দুজনক জেৰা কৰাত তেওঁলোক চোৰাং কাঠ সৰবৰাহকাৰী সন্তোষ বসুমতাৰী আৰু প্ৰদীপ দৈমাৰী বুলি চিনাক্ত কৰে । পিছত ধৃত দুই যুৱকসহ টাটা পিক্‌-আপ ভানখনৰ লগতে বৃহৎ পৰিমাণৰ কাঠ ননৈস্থিত বনাঞ্চলিক কাৰ্যালয়ত গতাই দিয়ে ।

উল্লেখ্য যে ভাৰত-ভূটান সিমান্তত বহুদিনৰে পৰা এনেদৰে চোৰাং কাঠ সৰবৰাহ কৰাটো সৰ্বজনবিদিত ।
 

Your Comments