'কা' বাতিলৰ দাবীত 'আছু'ৰ পুনৰ ধাৰাবাহিক আন্দোলন ঘোষণা

Pic

'নাগৰিকত্ব সংশোধনী আইন-২০১৯' বাতিলৰ দাবীত পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনে।এটা প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে জাতীয় সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিছে 'কা'ৰ বিৰুদ্ধে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী।সেই অনুসৰি সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলে-অঞ্চলে সভা, পদযাত্ৰা, বিক্ষোভ, প্ৰতিবাদী সভা কাৰ্যসূচী অব্যাহত চলি থাকিব।অহা ২৭-২৮ জানুৱাৰীত ৰাজ্যজুৰি গ্ৰহণ কৰিব বিক্ষোভ  কাৰ্যসূচী।ফেব্ৰুৱাৰীত প্ৰতিখন আঞ্চলিকৰ এলেকাত মানৱ শৃংখলেৰে বিক্ষোভ প্ৰদৰ্শন।এই কথা প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে 'আছু'ৰ সভাপতি দীপাংক নাথে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 'কা'ৰ বাতিলৰ দাবীত প্ৰতিবাদী সভা অব্যাহত থাকিব বুলি উল্লেখ কৰি নাথে আৰু কয়-'তিনি ফেব্ৰুৱাৰীত উত্তৰ লখিমপুৰ, চাৰি ফেব্ৰুৱাৰীত শিৱসাগৰত হ'ব প্ৰতিবাদী সভা।তাৰ পৰৱৰ্তী সময়ত গোৱালপাৰা জিলা, নলবাৰী জিলা, বৰপেটা জিলাকে ধৰি অসমৰ বিভিন্ন অঞ্চলত ৰাইজৰ প্ৰতিবাদী সভাসমূহ হ'ব।'ইয়াৰ সমান্তৰালকৈ জনপ্ৰতিনিধিৰ ওপৰত হেঁচা প্ৰদানৰ কাৰ্যসূচী চলি থাকিব বুলি সংগঠনটোৱে ঘোষণা কৰিছে।

Your Comments