ভয়ংকৰ বানত বিধ্বস্ত কেৰালাৰ পুনৰ গঠনৰ বাবে বিদেশী ৰাষ্ট্ৰবোৰে আগবঢ়োৱা আৰ্থিক সাহায্যৰ প্ৰস্তাৱ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰত্যাখ্যান কৰিছে ৷ ইতিপূৰ্বে আৰব আমীৰশ্বাহীয়ে কেৰালাৰ পুনৰ গঠনৰ বাবে ৭০০ কোটি টকা সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল ৷
তদুপৰি, মালয়েছিয়া, ব্ৰিটেইন আৰু আন কিছুসংখ্যক ৰাষ্ট্ৰয়ো বানবিধ্বস্ত কেৰালাৰ পুনৰ গঠনৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে ৷ কিন্তু কেন্দ্ৰৰ মোডী চৰকাৰে বুধবাৰে নিশা আটাইবোৰ বিদেশী ৰাষ্ট্ৰই আগবঢ়োৱা আৰ্থিক সাহায্যৰ প্ৰস্তাৱ পোনে পোনে প্ৰত্যাখ্যান কৰে ৷
মোডী চৰকাৰে জনায় যে প্ৰাকৃতিক দুৰ্যোগত বিদেশী ৰাষ্ট্ৰৰ পৰা সহায় লোৱাটো ভাৰত চৰকাৰৰ নীতিৰ পৰিপন্থী ৷ ২০০৪ চনত ভয়াৱহ ছুনামিৰ পিছতো তদানীন্তন ইউ পি এ চৰকাৰে বিদেশী সাহায্যৰ প্ৰত্যাখ্যান কৰিছিল ৷
মোডী চৰকাৰে সেই কথাও দোহাৰে ৷ ফলত এই বিষয়টোক লৈ এতিয়া কেৰালাৰ পিনাৰাই বিজয়ন চৰকাৰ আৰু কেন্দ্ৰৰ মাজত বিবাদ তীব্ৰ হৈ পৰিছে ৷ বিজয়ন চৰকাৰে প্ৰশ্ন তুলিছে, বিদেশী সাহায্য ল’লেই দেশৰ ভাবমূৰ্তি ম্লান হ’ব বুলি ভবাটো উচিত নে ৰাজ্যখনৰ দুৰ্গত লোকসকলক সহায় আৰু পুনৰ সংস্থাপন কৰাটো অধিক গুৰুত্বপূৰ্ণ ?
কেৰালাৰ চৰকাৰে ইতিমধ্যেই ৰাজ্যখনত বানপীড়িত জনতাৰ পুনৰ সংস্থাপন আৰু পুনৰ গঠনৰ বাবে কেন্দ্ৰৰ পৰা ২৬০০ কোটি টকা সাহায্য বিচাৰিছে ৷ কেন্দ্ৰই মাত্ৰ ৬০০ কোটি টকা সাহায্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে ৷
কেৰালাৰ পুনৰ গঠনৰ বাবে যে এই পৰিমাণৰ সাহায্য অত্যন্ত নগণ্য সেয়া উল্লেখ কৰি ৰাজ্যখনৰ শাসকীয় দল চি পি আই (এম) আৰু বিজয়ন চৰকাৰে কৈছে, যদি কেন্দ্ৰৰ মোডী চৰকাৰে বিদেশী সাহায্য ল’ব নোখোজেই তেনেহ’লে কেন্দ্ৰই নিজেই কেৰালাৰ বাবে ২৬০০ কোটি টকা সাহায্য আদায় দিয়ক ৷
উল্লেখ্য যে কেৰালাৰ শেহতীয়া দুৰ্যোগক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰাৰ বাবেও কেন্দ্ৰক দাবী জনোৱা হৈছিল ৷ কিন্তু মোডী চৰকাৰে সেই দাবীকো পোনে পোনে প্ৰত্যাখ্যান কৰিছে ৷
বিদেশী ৰা্ষ্ট্ৰবোৰে দিয়া আৰ্থিক সাহায্যৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি মোডী চৰকাৰে বুধবাৰে নিশা এক বিবৃতিত কয়, ‘কেৰালাৰ ভয়াৱহ বানপানীৰ পিছত বিভিন্ন দেশে আৰ্থিক সাহায্যৰ প্ৰস্তাৱ দিছে ৷ আমি তাৰবাবে কৃতজ্ঞ ৷
কিন্তু আমাৰ নীতি হৈছে প্ৰাকৃতিক দুৰ্যোগত পীড়িত জনতাক সাহায্য প্ৰদান আৰু পুনৰ গঠনৰ ব্যৱস্থা আমি নিজেই গ্ৰহণ কৰোঁ ৷’ কিন্তু প্ৰবাসী ভাৰতীয়সকলে আৰ্থিক সাহায্য আগবঢ়ালে সেই সাহায্য গ্ৰহণ কৰা হ’ব বুলিও ভাৰত চৰকাৰে জনাই দিয়ে ৷
কিন্তু লক্ষণীয় যে এফালে ভাৰত চৰকাৰে বিদেশী সাহায্য প্ৰত্যাখ্যান কৰে দেশৰ ভাবমূৰ্তিৰ প্ৰশ্ন তুলি, কিন্তু ক্ষতিগ্ৰস্ত ৰাজ্যক পৰ্যাপ্ত আৰ্থিক সাহায্যও নিদিয়ে ৷
- Log in to post comments
- 8 views