বড়ো ভাষা-সাহিত্যক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণৰে আৰু অসমত জনগোষ্ঠীয় ঐক্য সাধনৰ বাৰ্তা প্ৰেৰণেৰে ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ দাউহাৰু ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৫৯ সংখ্যক অধিৱেশন।অধিৱেশনৰ অন্তিম দিনা বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অধিৱেশন উপস্থিত হয় আৰু ভাষণ প্ৰদান কৰে।ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ভাষাৰ জড়িয়তে শক্তিশালী কৰিব লাগিব।সাহিত্য হ'ব লাগিব সমন্বয়ৰ সাহিত্য।বিভিন্ন জাতি-জনগোষ্ঠীৰ সাহিত্য সভালৈ এতিয়া আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।বিটিএডিত শান্তি প্ৰতিষ্ঠাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ শলাগ লয়।শান্তি প্ৰতিষ্ঠাৰ বাবে অঞ্চলটোৰ প্ৰগতি হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।
- Log in to post comments
- 9 views