উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ সমাজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ত 'নাগৰিকত্ব (সংশোধনী) আইন-২০১৯'ৰ শুনানিৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গ'ল শিক্ষাৰ্থীৰ প্ৰতিবাদ।ডিব্ৰুগড় জিলাৰ খোৱাং মহাবিদ্যালয় আৰু পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু 'আছু' গোটে নাগৰিকত্ব (সংশোধনী) আইনৰ প্ৰতিলিপি দাহ কৰাৰ লগতে মহাবিদ্যালয়ৰ সন্মুখত ক'লা পতাকা উত্তোলন কৰি সাব্যস্ত কৰে প্ৰতিবাদ।ছাত্ৰ-ছাত্ৰীৰ স্পষ্ট কথা 'কা' কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব।
- Log in to post comments
- 10 views