'নাগৰিকত্ব সংশোধনী আইন-২০১৯' সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব'বডে নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰিপীঠে ১৪৪খন লেখ আবেদনৰ শুনানি বুধবাৰে গ্ৰহণ কৰে।আৱেদনৰ শুনানিৰ গ্ৰহণ কৰি ন্যায়ালয়ে কয় -'অসমৰ ক্ষেত্ৰত পৃথক হ'ব শুনানি।তাৰ বাবে দুটা সপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক অসমৰ আবেদনসমূহৰ উত্তৰ দিবলৈ নির্দেশ দিয়া হৈছে।'
ইফালে সমগ্ৰ বিষয়টোত ন্যায়ালয়ে চৰকাৰী পক্ষৰ উত্তৰ নোপোৱাকৈ স্থগিতাদেশ দিব পৰা নাযাব বুলি উল্লেখ কৰি কয়-'আগন্তক চাৰি সপ্তাহৰ ভিতৰত চৰকাৰে সকলো আবেদনৰ উত্তৰ দিব লাগিব ন্যায়ালয়ক।'
আনহাতে,আইনখনৰ সাংবিধানিক বৈধতা বিষয়তো বিচাৰ কৰিবলৈ পাঁচজনীয়া বিচাৰপীঠলৈ দিয়াৰ সম্ভাৱনা আছে।
- Log in to post comments
- 22 views