জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি হোৱাৰ দিনা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে গ্ৰহণ কৰিছে 'গণ অনশন' কাৰ্যসূচী।বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ সন্মুখত কটনিয়ানে দিনযোৰা কাৰ্যসূচীৰে গ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী।উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ সমূহ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ আহ্বানত কটনিয়ানে বুধবাৰে শ্রেণীকক্ষ বৰ্জন কৰি ওলাই আহিছে 'কা'ৰ বিৰূদ্ধে গণ অনশন কাৰ্যসূচীলৈ। কাৰ্যসূচীত গ্ৰহণ কৰি কটনিয়ানে।আশা কৰে-'উচ্চতম ন্যায়ালয়ে জনতাৰ পক্ষত ঐতিহাসিক শুনানি গ্ৰহণ কৰিব।বিজেপি চৰকাৰৰ যি সাম্প্ৰদায়িক ৰাজনীতিৰ অভিসন্ধি,সেয়া নিঃশেষ কৰিব।'গণ অনশন কাৰ্যসূচীত উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক ৰাহুল বৰদলৈ,প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ।
- Log in to post comments
- 20 views