উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ নিদিলে 'কা'ৰ:অসম-ত্ৰিপুৰাৰ বাবে হ'ব পৃথক শুনানি

Pic

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশেৰে গঠিত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিলে 'নাগৰিকত্ব সংশোধনী আইন-২০১৯'ৰ
সাংবিধানিক বৈধতা সন্দৰ্ভত প্ৰথমটো শুনানি।সাংবিধানিক বৈধতা বিচাৰ কৰিবলৈ গোচৰটো সৰ্বোচ্চ ন্যায়ালয়ে প্ৰেৰণ কৰিছে সাংবিধানিক বিচাৰপীঠলৈ।উল্লেখ্য যে 'কা' সন্দৰ্ভত অসম আৰু ত্ৰিপুৰাৰ বাবে হ'ব পৃথক শুনানি।

গুৰুত্বপূৰ্ণ কথা এই যে মুখ্য ন্যায়াধীশ এছ এ ব'বডে নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে আজি ১৪৪খন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।কেন্দ্ৰীয় চৰকাৰৰ হৈ শুনানিত উপস্থিত থাকি  এটৰ্ণী  জেনেৰেল কে বেণুগোপালে কয় ন্যায়ালয়ক কয়- 'চৰকাৰে বৰ্তমান সময়লৈকে ৬০খন আবেদন লাভ কৰিছে।তাৰ উত্তৰ দিবলৈ চৰকাৰক সময়ৰ প্ৰয়োজন হৈছে।'ফলত চৰকাৰক পুনৰ চাৰি সপ্তাহৰ সময় দিয়ে ন্যায়ালয়ে।উল্লেখ যে এই চাৰি সপ্তাহৰ ভিতৰত চৰকাৰে ন্যায়ালয়ত দাখিল কৰা আবেদনসমূহৰ উত্তৰ দিব লাগিব।

আনহাতে,অসমৰ পক্ষত উত্তৰ দিবলৈ চৰকাৰক দুটা সপ্তাহৰ প্ৰয়োজন হ'ব।এই কথা কে বেণুগোপালে সৰ্বোচ্চ ন্যায়ালয়ক অৱগত কৰে।ন্যায়ালয়ে চৰকাৰৰ উত্তৰ নোপোৱাকৈ আইনখনৰ স্থগিতাদেশৰ সন্দৰ্ভত কোনো ৰায় দিব পৰা নহ'ব বুলি উল্লেখ কৰে।

চৰকাৰী পক্ষৰ হৈ অভিশেক মনু  সিংভিয়ে ন্যায়ালয়ক অৱগত কৰি কয় যে নাগৰিকত্ব প্ৰদানৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।উত্তৰ-প্ৰদেশত ৩০ হাজাৰ লোকক নাগৰিকত্ব প্ৰদান কৰিবলৈ নিৰ্বাচিত কৰা হৈছে।সেই সন্দৰ্ভত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়-'বৰ্তমান চৰকাৰক অস্থায়ী নাগৰিকত্ব প্ৰদানৰ কথা কোৱা হৈছে।'

আনহাতে,লক্ষণীয় কথা এই যে অসমৰ বাংলাদেশীৰ সমস্যাৰ বিষয়টোৱে স্থান পালে শুনানিৰ কালত।অসমত হিন্দু-মুছলমান অবৈধ বাংলাদেশী আছে।গতিকে এইসকলে নাগৰিকত্ব পালে সলনি হ'ব অসমৰ জনগাঁথনি।গতিকে চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আদলতত অৱগত কৰে অধিবক্তা বিকাশ সিঙে।

ন্যায়ালয়ে সকলো বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰলৈ জাৰি কৰে নির্দেশ।

Your Comments