দিল্লী বিধানসভাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব লগীয়া প্ৰাৰ্থীৰ নাম।নতুন দিল্লী বিধানসভা সমষ্টিত কেজৰিৱালৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী হ'ব সুনীল যাদৱ।ৰাষ্ট্ৰীয় দলটোৰ শীর্ষ নেতৃত্বই ঘোষণা কৰিছে যাদৱৰ নাম।গুৰুত্বপূৰ্ণ কথা এই যে বৰ্তমান যাদৱ দিল্লী বিজেপি যুৱ মর্চাৰ সভাপতি। আনহাতে,মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব ৰমেশ ছাভাৰৱাল। উল্লেখ্য যে দিল্লী বিধানসভাৰ ৭০খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ৮ ফেব্ৰুৱাৰীত আৰু ফলাফল ঘোষণা কৰা হ'ব ১১ ফেব্ৰুৱাৰীত।
- Log in to post comments
- 73 views