১৯৯০ চনৰ ১৯ জানুৱাৰী ভাৰতীয় ইতিহাসৰ এটা ক'লা দিন।আজিৰ দিনটোতে ইছলামীয় সন্ত্ৰাসবাদী আৰু এই সন্ত্ৰাসবাদীক সমৰ্থন কৰা বহু মুছলমান লোকে ব্যাপক হত্যা-হিংসা সংঘটিত কৰি কাশ্মীৰৰ পৰা খেদি পঠিয়াইছিল হাজাৰ-হাজাৰ কাশ্মীৰী পণ্ডিতক।১৯ জানুৱাৰীৰ পূৰ্বৰ বহু দিনৰ পৰা হিন্দু ধৰ্মীয় কাশ্মীৰী পণ্ডিতসকলৰ বহু লোকক হত্যা কৰা হৈছিল,বহু মহিলাক বলাৎকাৰ কৰা হৈছিল।বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তৰত আশ্ৰয় লৈ থকা কাশ্মীৰী পণ্ডিতসকলে আজি ১৯ জানুৱাৰীৰ দিনটোত কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদ সম্পূৰ্ণভাৱে নিপাত যোৱাৰ কামনা কৰিছে।ইফালে,কাশ্মীৰখনক বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হোৱাৰ পিছত কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো আজিৰ দিনটোত যথেষ্ট চর্চালৈ আহিছে দেশৰ সচেতন নাগৰিকসকলৰ মাজত।
- Log in to post comments
- 51 views