অহা ১ ফেব্ৰুৱাৰীত ফাঁচী দিয়া হ'ব দেশ কপোঁঁৱা নির্ভয়া কাণ্ডৰে জড়িত চাৰিটা অপৰাধীক।তিহাৰ জেলত চাৰিওটা অপৰাধীক পুৱা ৬ বজাত দিয়া হ'ব ফাঁচী।ন্যায়ালয়ে ঘোষণা কৰিলে এই কথা।উল্লেখযোগ্য যে ক্ষমা ভিক্ষা বিচাৰি অপৰাধী মুকেশ সিঙে ৰাষ্ট্ৰপতিলৈ ক্ষমা আবেদন প্ৰেৰণ কৰিছিল। কিন্তু ৰাষ্ট্ৰপতিয়ে এই আবেদন নাকচ কৰাৰ পিছত আদালতে ফাঁচীৰ দিন ঘোষণা কৰিছে।ইয়াৰ পূৰ্বে ২২জানুৱাৰীত ফাঁচী দিয়াৰ কথা আছিল অপৰাধীকেইটাক।
- Log in to post comments
- 24 views