প্ৰবাসত চাকৰিৰ মৰীচিকা খেদি বহুজন সুবিধাবাদী-প্ৰবঞ্চকৰ চিকাৰ হয় ৷ অলপতে তেনে এজন লোকক ‘কাটাৰ অসম সমাজে’ উদ্ধাৰ কৰি মাতৃভূমিলৈ ঘূৰাই পঠালে ৷ কোনো কাৰিকৰী শিক্ষাৰ ডিপ্ল'মা বা ডিগ্ৰী নথকাসকলে বিদেশত কেৱল বনুৱাৰ চাকৰিহে পাব ৷
এনে লোকক নিয়োগকৰ্তাসমূহে সামান্য অ'ভাৰ টাইম ব’নাছ দিয়াৰ নামত বন্ধৰ দিনকেইটাতো কামত খটুৱায় ৷ অৱশ্যে এওঁলোকক ‘লেবাৰ’ নোবোলে ৷ পদটোক এটা মোহনীয় নাম (যেনে Assistant) দি লয় ৷
মাহিলি দৰমহা ৭০০ বা ৮০০ ৰিয়াল, অ'ভাৰ টাইম মিলালে ১০০০ বা সামান্য বেছি পায় ৷ এক ৰিয়াল ভাৰতীয় ১৯ টকা, নেপালী ৩০ টকা আৰু বাংলাদেশ ২৩ টকাৰ সমান ৷
এনে চাকৰিকে পাবলৈ ভাৰত, নেপাল, বাংলাদেশ আদি দেশৰ বহু যুৱকে মাটি-বাৰী বিক্ৰী কৰি গোটোৱা ২/৩ লাখ টকা দালালৰ হাতত তুলি দিয়ে ৷ এনে দালালসকলৰ একোটা আকৰ্ষণীয় পৰিচয় থাকে যেনে প্লেচমেণ্ট এজেন্সী, মেন পাৱাৰ কনছালটেন্সী ৷
থাকে একোটা সুদৃশ্য কাৰ্যালয়, যাৰ বেৰসমূহ বিভিন্ন দেশৰ ৰঙীণ ফটোৰে শুৱনি কৰা ৷ এওঁলোকে কাষ চপা লোকসকলক ৰঙীণ সপোন দেখুৱায় ৷ ২/৩ গুণ উচ্চ দৰমহাৰ কথা কয়, বাতানূকুলিত বাসভৱন, গাড়ী, কৰ্মস্থলৰ কথা কয়, লগতে বিনামূলীয়া আমিষ, উন্নত খাদ্য আৰু বিনামূলীয়া চিকিৎসাৰ কথা কয় ৷
ঘৰলৈ আহিবলৈ বিনামূলীয়া বিমানৰ টিকট দিয়াৰ কথাও কয় ৷ থোৰতে ক’বলৈ হ’লে ধাৰণা দিয়া চিকৰি কৰোঁতাই সমুদায় দৰমহা সঞ্চয় কৰিব পাৰিব ৷
এতিয়া অসমৰ ঢেকীয়াজুলিৰ এজন অসমীয়া যুৱকৰ বিড়ম্বনাৰ কাহিনীলৈ ঘূৰি আহোঁ ৷ দ্বাদশ উত্তীৰ্ণ এই যুৱকজন মাক আৰু ভনীয়েকৰে সৈতে সৰু পৰিয়ালত থাকে ৷ ঘৰৰ আৰ্থিক দীনতা তৎকালে আঁতৰ কৰাৰ সপোন দেখা যুৱকজনে মুম্বাইৰ এটা এজেন্সীৰ সৈতে সম্পৰ্ক কৰিলে ৷
৮৫ হাজাৰ টকাৰ বিনিময়ত পালে কাটাৰৰ ‘ৱৰ্ক ভিছা’ আৰু ডোহালৈ যোৱাৰ টিকট ৷ উল্লেখযোগ্য যে গাল্ফ দেশত চাকৰি কৰিবলৈ প্ৰতিজন লোকৰ হাতত এনে ভিছা থাকিবই লাগিব ৷
কাটাৰী ‘ৱৰ্ক ভিছা’ৰ চৰকাৰী মাচুল ৩২০ ৰিয়াল ৷ নিয়মটো হ’ল ‘ৱৰ্ক ভিছা’লৈ দেশখনত প্ৰৱেশ কৰাৰ পিছত চাকৰিৰ চুক্তিপত্ৰত নিয়োগকৰ্তা আৰু প্ৰাৰ্থীজনে স্বাক্ষৰ কৰাৰ পিছত তাত চৰকাৰৰ সন্মতিৰ মোহৰ লগোৱা হয় ৷
সমান্তৰালভাৱে ‘ৰেছিডেণ্ট ভিছা’ পাবলৈ যাৱতীয় ব্যৱস্থালী গ্ৰহণ কৰা হয় ৷ স্বাস্থ্য পৰীক্ষা, আইৰিচ স্কেন, ফিংগাৰ প্ৰিণ্ট সংৰক্ষণ আদিৰ পিছত সকলো ঠিকে ওলালে ৰেছিডেণ্ট ভিছা বা কাটাৰী আই ডি চাকৰিয়ালজনক দিয়া হয় ৷ এই সকলো খৰচ নিয়োগকৰ্তাই বহন কৰে ৷
এই বছৰৰ জুলাই মাহত জাৰি হোৱা ৱৰ্ক পাৰমিটত উল্লিখিত যুৱকজনৰ প্ৰফেছন উল্লেখ কৰা হৈছিল ‘ইলেকট্ৰিচিয়ান’ বুলি ৷ ২ আগষ্টত তেওঁ আহি ডোহাৰ ‘অল মোবাৰক ছাৰ্ভিচেজ’ কোম্পানীত উপস্থিত হ’লহি ৷
শ্ৰীলংকান নিয়োগকৰ্তাই (স্প'নছৰ) তেওঁক কাম দিলে ‘অল মোকম্মল ছাৰ্ভিচেজ’ কোম্পানীত ৰিচিপচন এডমিন হিচাপে ৷ থাকিবলৈ ক’লে অফিচ ৰুমৰ এটা কোণত ৷ পাকঘৰৰ কোনো ব্যৱস্থা নাই ৷
দুসপ্তাহ কষ্টৰে দিন অতিবাহিত কৰিলে ৷ ইতিমধ্যে তেওঁ এই কোম্পানীৰ দুই নম্বৰী সকলো কাণ্ড-কাৰখানা বুজি উঠিছিল ৷ পুলিচৰ পৰিদৰ্শনৰ আগতীয়া অনুমান পালেই অফিচৰ ছাইনব’ৰ্ড ততালিকে বদলাই দিয়ে ৷
কোম্পানীৰ ঘাই কাম হ’ল বাংলাদেশী লোক বিচাৰি আনি ইয়াত বিভিন্ন ঠাইত নিয়োগৰ ব্যৱস্থা কৰা ৷ বাংলাদেশত (আৰু ভাৰততো) থকা এজেন্সীৰ পৰা বুজন কমিছন সংগ্ৰহ কৰে ৷
নিজৰ কোনো কৰ্মচাৰীক সময়মতে উচিত দৰমহা কেতিয়াও নিদিয়ে ৷ চাকৰিৰ চুক্তিপত্ৰ আৰু ৰেছিডেণ্ট ভিছা বনোৱাৰ একো উমঘামেই নাই ৷ ইয়াৰ বিপৰীতে সৎ নিয়োগকৰ্তাই নিজৰ কৰ্মচাৰীক কামত যোগদান কৰাৰ লগে লগে কিছু অগ্ৰিম ধন হাতত তুলি দিয়ে ৷
এই সকলো জানি-বুজি মন টেঙাই যোৱা এই অসমীয়া যুৱকজনে ঘৰলৈ ঘূৰি যাবৰ মন মেলিলে আৰু ডোহা-মুম্বাই-গুৱাহাটীৰ বিমানৰ টিকটো কাটিলে ৷ তাৰপিছত শ্ৰীলংকান স্প'নছৰক জনালে– মই কাইলৈ ঘৰলৈ যাম ৷
মোৰ বৃদ্ধা মাৰ অসুখৰ খবৰ পাইছোঁ ৷ এনে পৰিস্থিতিত অভ্যস্ত স্প'নছৰে গহীনাই ক’লে– তুমি ৩ হাজাৰ ৰিয়াল জমা কৰিলেহে কাইলৈ যাবলৈ অনুমতি পাবা ৷ উল্লেখ্য যে গাল্ফ দেশত যিকোনো কৰ্মচাৰীয়ে দেশৰ বাহিৰলৈ যাবলৈ হ’লে স্প'নছৰ কৰা এক্সিট ভিছা ল’ব লাগিব ৷ ইয়াৰ মাচুল হ’ল ১০ ৰিয়াল ৷
এনে ছন্দপতন ঘটাত যুৱকজনৰ হঠাৎ মনত পৰিল ‘কাটাৰ অসম সমাজ’লৈ ৷ ফেচবুকত জৰুৰী বাৰ্তা প’ষ্ট কৰিলে– মোৰ কাইলৈ নিশাৰ বিমানত অসমলৈ ঘূৰি যোৱাৰ টিকট লোৱা আছে ৷ তিনি হাজাৰ ৰিয়াল মই দিলেহে মোক স্প'নছৰে যাবলৈ অনুমিত দিব ৷
গতিকে জৰুৰী সহায় লাগে ৷ মোৰ মোবাইল নম্বৰ হ’ল ......৷ এই এছ অ’ এছ বাৰ্তাটো নিমিষতে ভাইৰেল হ’ল ৷ ডঃ প্ৰেমানন্দ গোস্বামীয়ে জনালে সভাপতি ৰজত গগৈক ৷ গগৈয়ে জনালে মোক ৷
মই ভুক্তভোগী যুৱকৰ লগত মোবাইলত কথাখিনি আলোচনা কৰি ভালদৰে পৰিস্থিতিটোৰ বুজি ল'লোঁ ৷ এই সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰে কাটাৰী লেবাৰ ক’ৰ্ট, ভাৰতীয় দূতাবাস আৰু পুলিচ প্ৰশাসনে ৷
কিন্তু হাতত সময় মাত্ৰ নিশাটো আৰু এটা দিন ৷ সন্মুখত ঈদৰ সপ্তাহজোৰা চৰকাৰী বন্ধ ৷ গতিকে আইনৰ সহায়ত ইমান ততালিকে বিষয়টো নিষ্পত্তি নহ’ব ৷ সভাপতি গগৈয়ে নিশা এঘাৰটা বজাতেই মোবাইলত কাটাৰ অসম সমাজৰ সক্ৰিয় সদস্য জগন্নাথ মহন্ত, শুভ্ৰ বৰা, হিফজুৰ ৰহমান, আব্দুল ফৈজ (আব্দুলা) আদিৰ লগত আলোচনা কৰি এটি সিদ্ধান্ত ল’লোঁ ৷
সেইটো হ’ল– যিকোনো প্ৰকাৰেই নহওক কিয় এই বিপদত পৰা অসমীয়া যুৱকজনক উদ্ধাৰ কৰিবই লাগিব ৷ দৰকাৰ হ’লে ৩ হাজাৰ ৰিয়াল কাটাৰ অসম সমাজেই ভৰিব ৷
সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ পিছদিনা আগবেলা ১১ বজাত এটি তিনিজনীয়া দলে গৈ যুৱকজনৰ কাৰ্যালয়ত উপস্থিত হ’ল ৷ কোম্পানীৰ মেনেজাৰ ওৰফে পি আৰ অ’ই অহাৰ উদ্দেশ্য সুধিলে ৷
আমাৰ সদস্য এজনে তেওঁক জনালে- কোম্পানীয়ে এক্সিট ভিছা নিদিলে আমি ভাৰতীয় দূতাবাস আৰু পুলিচৰ কাষলৈ যাম ৷ ফোনযোগে শ্ৰীলংকান স্প'নছৰে বিয়লি ৪ বজাত সাক্ষাতৰ বাবে সময় দিলে ৷
তেওঁ তেতিয়ালৈকে নিজৰ দাবীত অটল হৈ গুজৰিয়ে আছিল ৷ এনেদৰে ধনদাবী কৰাটো কেৱল অনৈতিকেই নহয়, আইনবিৰুদ্ধ কথা ৷ কিন্তু বহুতো দুৰ্ভগীয়াই আইনৰ কাষ চপাতকৈ যি পাৰি ধন দি ওলাই যাব পাৰিলেই ৰক্ষা বুলি ভাবে ৷
কাৰ্যালয়লৈ আহিয়েই আমাৰ দলটোক দেখি স্প'নছৰজন কিছু সচকিত হ’ল ৷ তথাপিও ৰাজা বসুমতাৰী আৰু মেনেজাৰক নিজৰ কেবিনলৈ মাতি পঠালে ৷ ৰাজাৰ ওপৰত খঙো জাৰিলে ৷
মেনেজাৰে তেওঁক জনালে কাটাৰ অসম ছ’চাইটীৰ মানুহ আহিছে ওজৰ-আপত্তি লৈ ৷ কথাষাৰে 'মাহৰ মাৰ দেখি তিলে বেত মেলা'ৰ দৰে ক্ৰিয়া কৰিলে ৷ শ্ৰীলংকান স্প'নছৰজনৰ মুখমণ্ডল একেবাৰে লেৰেলা বেঙেনাৰ দৰে জয় পৰিল ৷
মেলিৰিয়া জ্বৰত কুইনাইনে কাম কৰাৰ দৰে সেই এপালি দৰৱেই কাম দিল ৷ ততালিকে অনলাইন পেমেণ্ট জমা কৰি অফিচৰ প্ৰিণ্টাৰৰ পৰাই এক্সিট ভিছা প্ৰিণ্ট কৰি যুৱকজনৰ হাতত তুলি দিলে ৷
তেতিয়াহে যুৱক ৰাজা বসুমতাৰীৰ মুখলৈ পানী আহিল ৷ আমাৰ দলটোৱে গাড়ীৰে বিয়লি ৬ বজাত হামাড ইণ্টাৰনেচনেল এয়াৰপ’ৰ্টত নমাই থৈ নিজ নিজ কৰ্মস্থলীলৈ ঘূৰি গ’ল ৷
ৰাজাই কালি (২২ আগষ্ট) দুপৰীয়া সুকলমে ঢেকিয়াজুলিৰ ঘৰ পালেগৈ বুলি আমালৈ বাৰ্তা পঠাইছে ৷ সহায়ৰ বাবে আবেদন ৰাজা বসুমতাৰীয়ে কাটাৰত আহিয়েই আমাক জনোৱা হ’লে হয়তো তেওঁ আজি চাকৰি এৰি যাবলগীয়া নহ’লহেঁতেন ৷
উল্লেখ্য যে বিগত বছৰতো কাটাৰ অসম সমাজে এজন অসমীয়া যুৱকক আইনী মেৰপেঁচৰ পৰা উদ্ধাৰ কৰি মাতৃভূমিলৈ পঠাইছিল ৷ গতিকে প্ৰবাসত এনে ছ’চাইটী বা সংগঠনৰ প্ৰয়োজনীয়তা অসীম ৷
সেয়ে এই লেখনিৰ যোগেদি কাটাৰত বিভিন্ন ক্ষেত্ৰত কাম কৰিবলৈ অহা ন-পুৰণি প্ৰতিজন ব্যক্তিক ‘কাটাৰ অসম সমাজ’ৰ সৈতে যোগাযোগ কৰি সদস্য হিচাপে অন্তৰ্ভুক্ত হ’বলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ ৷ আহক, আমি প্ৰবাসতো সকলো অসমীয়াই সুখে-দুখে একেলগ হৈ থাকোঁ ৷
- Log in to post comments
- 189 views