লাচিত সেনাৰ শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ

Pic

কাৰাৰুদ্ধ অৱস্থাত পুনৰ আন এটা গোচৰত গ্ৰেপ্তাৰ শৃংখল চলিহাক।লাচিত সেনাৰ নেতাগৰাকীক পুনৰ পাণবজাৰ থানাৰ এটা পুুৰণি গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে ৰাতি গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।উল্লেখ্য যে  কাৰাৰুদ্ধ নেতাগৰাকীৰ আজি জামিন লাভৰ সম্ভৱান আছিল।উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।উক্ত আবেদনৰ শুনানি শুকুৰবাৰে  আদালতে  গ্ৰহণ কৰাৰ কথা আছিল।জামিন লাভৰ সম্ভাৱনা দেখিয়ে পুনৰ আন এটা পুৰণি গোচৰ জাপি দি শৃংখল  চলিহাক গ্ৰেপ্তাৰ কৰিছে বুলি চৰ্চা হৈছে।'কা' বিৰোধী আন্দোলনত চৰকাৰৰ বিৰুদ্ধে শৃংখল চলিহা সৰৱ হৈ পৰাৰ পিছতে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।বৰ্তমান পাণবজাৰ আৰক্ষী থানাত ৰখা হৈছে চলিহাক।

Your Comments