অসম গণ পৰিষদৰ মহানগৰ জিলা সমিতি পুনৰ গঠন কৰা হৈছে।বুধবাৰে দলৰ কাৰ্যালয়ত অগপ নেতৃত্বৰ উপস্থিতিত মঙলবাৰে ভংগ কৰা মহানগৰ জিলা সমিতিখন পুনৰ গঠন কৰা হয়।
নতুন সমিতিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছে ৰাজেন মেধিক।সম্পাদকৰ দায়িত্বত আছে ডাঃ তপন দাস আৰু খনিন বৰা।
উল্লেখ্য যে দলৰ সংবিধান অনুসৰি ভংগ কৰা হৈছিল মহানগৰ জিলা সমিতি।এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে দলৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাই।মহানগৰীত দলৰ সাংগঠনিক ভেঁঁটি শক্তিশালী কৰাৰ বাবে পূৰ্বৰ সমিতি ভংগ কৰা বুলি উল্লেখ কৰকৰেম্পাদক কলিতাই।
'আনহাতে,নতুনকৈ গঠন হোৱা ৩৫জনীয়া সমিতিখনে অহা ১২ জানুৱাৰীত মহানগৰীৰ প্ৰতিটো ৱাৰ্ডত সন্মিলনৰ আয়োজন কৰিব।সাংগঠনিক ভেঁটি নিৰ্মাণ কৰাৰ বাবে'-ডাঃ কলিতাই লগতে কয়।
- Log in to post comments
- 14 views