অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনত জুৰুলা ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকল । নিজ মাতৃভূমিতে সংখ্যালঘুত পৰিণত এইসকল ভূমিপুত্ৰই প্ৰাপ্য অধিকাৰৰ দাবীত কেইবাদশক ধৰি কৰি আছে সংগ্ৰাম । চুবুৰীয়া ৰাজ্যখনৰ খুমুলং চহৰত আজি অনুষ্ঠিত তিপৰালেণ্ড ৰাজ্য দাবী দিৱসত হোৱা বিশাল জনসমুদ্ৰই স্পষ্ট কৰিলে ত্ৰিপুৰাৰ ভূমিপুত্ৰসকলৰ সংকট ।
ত্ৰিপুৰাৰ শক্তিশালী ৰাজনৈতিক দল আই পি এফ টি (ইণ্ডিজেনাছ পিপ'লছ্ ফ্ৰণ্ট অৱ ত্ৰিপুৰা)ৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি এই দিৱসত অংশগ্ৰহণ কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। জনসমুদ্ৰক সম্বোধি আগবঢ়োৱা ভাষণত অগপৰ সভাপতিগৰাকীয়ে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে ।
অসমতো অবৈধ বাংলাদেশী নাগৰিকে খিলঞ্জীয়াৰ প্ৰতি কঢ়িওৱা ভাবুকিৰ বিষয়ে তেওঁ বিবৰি কয় । অনুপ্ৰৱেশৰ বিৰুদ্ধে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজৰ ঐক্যবদ্ধ যুজঁত বৰাই গুৰুত্ব আৰোপ কৰে । তাৎপৰ্যপূৰ্ণভাৱে অগপৰ সভাপতিগৰাকীয়ে অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰে জৰ্জৰিত খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ স্বাৰ্থত ত্ৰিপুৰাতো এন আৰ চি প্ৰস্তুতকৰণৰ দাবী উত্থাপন কৰে ।
- Log in to post comments
- 20 views