মহাৰাষ্ট্ৰৰ ৰাজনীতিত আৰু এটা নতুন 'টুইষ্ট'।এনচিপিত বিদ্ৰোহ কৰি বিজেপিক সমৰ্থন দি বিজেপি চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী হোৱা অজিত পাৱাৰে মঙলবাৰে উপ-মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে।এনচিপি প্ৰমুখ শাৰদ পাৱাৰক সাক্ষাৎ কৰাৰ পিছতে অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী পদ ত্যাগ কৰে।উল্লেখ্য যে শাৰদ পাৱাৰৰ লগতে এনচিপিৰ কেইবাজনো জ্যেষ্ঠ নেতাই অজিত পাৱাৰক এনচিপিলৈ ওভতি আহিবলৈ আহ্বান জনাইছিল।অজিত পাৱাৰৰ পদত্যাগৰ পিছত এতিয়া মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিশ বুধবাৰে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণত ব্যৰ্থ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
- Log in to post comments
- 25 views