সম্পূৰ্ণ হোৱাৰ পথত পৃথিৱীৰ ভিতৰত সৰ্বাধিক উচ্চতাত নিৰ্মাণ কৰা ভাৰতৰ ৰে’লৱে ব্ৰীজৰ কাম

Bridge

ভাৰতবৰ্ষৰ জম্মু-কাশ্মীৰত পৃথিৱীৰ ভিতৰতেই সৰ্বাধিক উচ্চতাত নিৰ্মাণ কৰি থকা ৰেল’ৱে ব্ৰীজখন এতিয়া সম্পূৰ্ণ হোৱাৰ পথত। এই ৰে’লৱে ব্ৰীজখন জম্মু-কাশ্মীৰৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে ৷ এই দলংখনৰ সম্পূৰ্ণ দৈৰ্ঘ্যতা ১৩১৫ মিটাৰ বুলি জানিব পৰা গৈছে। এই বিশেষ ব্ৰীজখনৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে ১২৫০ কোটি টকা।

Comparison

উল্লেখ যোগ্য যে, বিশ্বৰ আজৱ বস্তুসমূহৰ ভিতৰত অন্যতম আইফিল টাৱাৰতকৈ এই ৰে’লৱে ব্ৰীজখন ৩৫ মিটাৰ ওখ। এই ব্ৰীজখন নিৰ্মাণ কৰা হৈছে ৮ প্ৰাবল্যলৈকে ভূমিকম্পৰ জোঁকাৰণি সহ্য কৰিব পৰা ক্ষমতা সম্পন্নকৈ । 

Your Comments