অন্য এগৰাকী ভাৰতীয় জিলিকাৰ সম্ভাৱনা বাইডেনৰ কেবিনেটত

Kiran ahoja

বাইডেন প্রশাসনত এইবাা জিলিকিছে ইজনৰ পিছত সিজন ভাৰতীয় । ২০ জানুৱাৰীৰ আগৰপৰাই এই বিষয়ে নানা খবৰ প্ৰকাশ পাই আছিল । সন্মুখলৈ আহিছিল নতুন নতুন মুখ। সেই সন্দৰ্ভত বিতর্কও নোহোৱা নহয়। যেমন নীৰা টেণ্ডন তেনে বিতৰ্কৰ এক উদাহৰণ। ইয়াৰ মাজতেই অন্য এগৰাকী ভাৰতীয়ৰ নাম ঘোষণা কৰিলে আমেৰিকান ৰাষ্ট্ৰপতি জো বাইডেনে।

'পাৰ্চনেল মেনেজমেন্ট' বিভাগৰ প্রধান হিচাপে মঙ্গলবাৰে এই গৰাকী ভাৰতীয় মূলৰ ব্যক্তিৰ নাম মনোনীত কৰিলে সেই দেশৰ ৰাষ্ট্ৰপতি জো বাইডেনে । বাইডেনে জনাইছে, আইনজীৱী তথা সমাজকর্মী কিৰণ আহুজাক এই দায়িত্বভাৰ দিবলৈ বিচাৰিছে তেওঁ। সকলো ঠিকে থাকিলে কিৰণেই হ’ব এই দায়িত্ব পোৱা প্রথম ভাৰতীয়।

Biden cabinet

বাইডেনৰ 'হেড অফ দ্য অফিছ অফ্‌ পার্চনেল মেনেজমেন্ট' পদত নিযুক্ত হ’ব পাৰে কিৰণ। উল্লেখ যোগ্য যে, ইয়াৰ আগতে বাৰাক ওবামাৰ OPM-অতো 'চিফ অফ্‌ ষ্টাফ' হিচাপে কাম কৰিছে আহুজাই। বৰ্তমান অপেক্ষা কেৱল চেনেটৰ অনুমোদনলৈ। এই অনুমোদন পালেই বাইডেন প্রশাসনত দেখা যাব এই গৰাকী ভাৰতীয় মূলৰ মহিলাক ।

কিৰণৰ কর্মজীৱন আৰম্ভ হৈছিল আমেৰিকাৰ বিচাৰবিভাগৰ নাগৰিক অধিকাৰ আইনজীৱী হিচাপে। ২০০৩ চনত 'নেচনেল এছিয়ান পেচিফিক আমেৰিকান উইমেন্স ফ’ৰাম'ৰ প্রতিষ্ঠাৰ সময়ৰপৰা ২০০৮ চন পৰ্যন্ত এগজিকিউটিভ ডিৰেক্টৰৰ দায়িত্ব পালন কৰিছিল তেওঁ ।

Your Comments