মহাৰাষ্ট্ৰৰ পাঠ্যপুথিত অসমৰ 'অৰণ্য মানৱ' যাদৱ পায়েং ৷ মহাৰাষ্ট্ৰৰ শিক্ষানুষ্ঠানৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিত প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত অবিৰতভাৱে লাগি থকা পদ্মশ্ৰী যাদৱ পায়েঙৰ কৰ্মজীৱনৰ প্ৰসঙ্গত এটি শিতান সন্নিৱিষ্ট কৰিব লৈছে ৷
‘The Big Story of a Small Man’ শীৰ্ষক বিষয়ৰ শিতানত অসম সন্তানগৰাকীৰ বিষয়ে পাঠ্যপুথিখনত চিনাকি কৰি দিছে ৷ এজন ব্যক্তিয়ে যে এখন বনাঞ্চল গঢ়ি তুলিব পাৰে তাৰ অন্যতম উদাহৰণ যাদৱ পায়েং ৷
সমগ্ৰ বিশ্বতে পৰিবেশ সংৰক্ষণৰ বাবে বনাঞ্চলৰ গুৰুত্বতালৈ লক্ষ্য কৰি মহাৰাষ্ট্ৰ চৰকাৰে যাদৱ পায়েঙৰ কৰ্মৰাজিক ছাত্ৰ-ছাত্ৰীৰ মাজত আলোচনা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে ৷
গছ তথা বনাঞ্চলৰ প্ৰয়োজনীয় দিশটোক সন্মুখত লৈ এজন ব্যক্তিয়ে যদি বনাঞ্চল গঢ়িব পাৰে, আমি নোৱাৰিম কিয় ? সেই মানসিকতা শিক্ষাৰ্থীসকলৰ মনত বিজ্ঞানসন্মতভাৱে প্ৰভাৱ পেলোৱাৰ বাবে যাদৱ পায়েঙক অন্যতম উদাহৰণ হিচাপে লৈছে মহাৰাষ্ট্ৰ চৰকাৰে ৷
- Log in to post comments
- 61 views