আড়ম্বৰপূৰ্ণ আৰু বিলাসবহুল চৰকাৰী বাসভৱনত নাথাকে পাকিস্তানৰ নতুন প্ৰধান মন্ত্ৰী ইমৰান খান ৷ প্ৰধান মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত দেওবাৰে নিশা দেশবাসীৰ উদ্দেশ্যে দিয়া এক ভাষণত ইমৰান খানে এই কথা ঘোষণা কৰে ৷
তেওঁ কয়, দুজন মাত্ৰ নিৰাপত্তাৰক্ষী থকা সামৰিক সচিবৰ তিনিটা শোৱনি কোঠা থকা বাসভাৱনতে থাকি তেওঁ প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব ৷
বিদেশী ঋণৰ বোজাত কোঙা হৈ পৰা চৰম সংকটগ্ৰস্ত পাকিস্তানৰ অৰ্থনীতিক সবল কৰাৰ লক্ষ্যেৰে নতুন প্ৰধান মন্ত্ৰীয়ে নিজৰ জীৱন যাত্ৰাৰ উপৰি দেশৰ সকলো ক্ষেত্ৰতে মিতব্যয়িতা আৰু ব্যয় সংকোচনৰ পথ গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে ৷
ইমৰান খানে কয় যে তেওঁ নিজৰ আবাসতে থাকিব বুলি সিদ্ধান্ত লৈছিল যদিও তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি থকা বুলি নিৰাপত্তা সংস্থাসমূহে জনোৱাত তেওঁ সামৰিক এলেকাত সামৰিক সচিবৰ সাধাৰণ বাসভৱনত থকাৰ সিদ্ধান্ত লয় ৷
উল্লেখ্যে যে পাকিস্তানৰ প্ৰধান মন্ত্ৰীৰ বিলাসবহুল চৰকাৰী আবাসত চাকৰ আৰু পৰিচাৰকৰ সংখ্যা ৫২৪ আৰু গাড়ীৰ সংখ্যা ৮০ ৷
পাকিস্তানৰ সাধাৰণ দৰিদ্ৰ জনতাৰ কথা উল্লেখ কৰি ইমৰান খানে কয়, বিশ্বৰ ৫খন দেশৰ ভিতৰত পাকিস্তান হৈছে এখন, য’ত অপৰিচ্ছন্ন আৰু লেতেৰা পানী খাই শিশুৰ মৃত্যু ঘটি আছে ৷
পুষ্টিৰ অভাৱত অসংখ্য শিশুৰ বিকাশ ঠিকমতে হোৱা নাই ৷ কিন্তু ইয়াৰ বিপৰীতে আন একাংশ লোকে ঔপনিবেশিক শাসকসকলৰ দৰে বিলাসী আৰু আড়ম্বৰপূৰ্ণ জীৱন-যাপন কৰি আছে ৷
পাকিস্তানৰ বিপুল বৈদেশিক ঋণক লৈ ইমৰান খানে গভীৰ উদ্বেগ প্ৰকাশ কৰে ৷ দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত তেওঁ কয়, ‘আমাৰ ঋণৰ পৰিমাণ ৬০০,০০০ কোটি ডলাৰৰ পৰা বাঢ়ি ২,৭০০,০০০ কোটি ডলাৰ হৈছেগৈ ৷ এই ঐতিহাসিক ঋণৰ বোজা সম্পৰ্কে বিতংভাৱে তদন্ত কৰিব লাগিব ৷
পৰিস্থিতি এনেকুৱা হৈছেগৈ যে এই ঋণৰ সুত পৰিশোধ কৰাৰ বাবে আকৌ নতুনকৈ ঋণ ল’বলগীয়া হৈছে ৷ বৈদেশিক ঋণৰ কাৰণেই পাকিস্তানৰ টকাৰ অৱমূল্যায়ন ঘটি থকা বুলি উল্লেখ কৰি এই অৱস্থা ৰোধ কৰাৰ উপায় গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয় ৷
তেওঁ কয় যে অৰ্থনৈতিক ভাৰাসাম্যহীনতা, অপুষ্টি, বিশুদ্ধ খোৱাপানীৰ নাটনি আৰু কিছুসংখ্যক মানুহ শিক্ষাৰ সুযোগৰ পৰা বঞ্চিত- এইবোৰেই হৈছে পাকিস্তানৰ ঘাই সমস্যা ৷
অথচ ইয়াৰ বিপৰীতে একাংশ মানুহে অত্যন্ত বিলাসেৰে জীৱন কটাই আছে ৷ দেশৰ অৰ্থনৈতিক সংকটৰ নিৰাময়ৰ কাৰণে আৰু সাধাৰণ মানুহৰ জীৱনৰ মান উন্নত কৰাৰ বাবে তেওঁ কৰৰ হাৰ বঢ়াব বুলিও ইঙ্গিত দিয়ে ৷
লগতে তেওঁ কয় যে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ইমৰান খানে তেওঁৰ ভাষণত কয়, ‘আমাৰ দেশত কমেও ২৫ নিযুত শিশু স্কুললৈ যোৱা নাই, আমাৰ যুৱকসকল কৰ্মহীন ৷
আমি জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰো সন্মুখীন হৈছোঁ ৷ মই ভিক্ষা বিচাৰি বিদেশলৈ যোৱাত লাজ অনুভৱ কৰোঁ ৷ ভিক্ষাৰীক কোনেও সন্মান নিদিয়ে ৷ এটা জাতি আৰ্থিক সাহায্যৰে নহয়, বৰং আত্মত্যাগৰ জৰিয়তেহে মহান হ’ব পাৰে ৷
এয়া আপোনালোকৰ মৰ্যাদাৰ প্ৰশ্ন ৷ কৰ আদায় দিয়ক, পাকিস্তানে কেতিয়াও কাৰো পৰা ভিক্ষা নলয় ৷ ব্যয় সংকোচনৰ বিষয়টো চোৱাচিতাৰ বাবে এখন টাস্ক ফ'ৰ্চ কমিটী গঠন কৰা হ’ব বুলিও ইমৰান খানে ঘোষণা কৰে ৷
- Log in to post comments
- 17 views