বঙাইগাঁৱত কাতি বিহু পালন 

কাতি বিহু

বঙাইগাঁৱৰ প্ৰতিবেদক:

অসমীয়া সমাজৰ পৰম্পৰা ৰক্ষা কৰি শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁৱতো কাতি বিহু বা কঙালী বিহু পালন কৰা হয় ৷ অভাৱ-অনাটনৰ সময়ত পালিত হোৱা কাতি বিহু উপলক্ষে সন্ধিয়া অসমীয়াই  তুলসীৰ তলত ঢাপ সাজি এগছি চাকি জ্বলাই ঐশ্বৰ্য, সমৃদ্ধিৰ দেৱী লক্ষ্মী আইক প্ৰাৰ্থনা জনোৱাৰ লগতে কৃষক পৰিয়ালৰ সদস্যই অশেষ কষ্টৰে কৰা ধাননি পথাৰত বন্তি জ্বলাই লক্ষ্মী আইক অধিক ধান উৎপাদনৰ বাবে আৰু পোক- পৰুৱাৰ পৰা গেঁৰ মেলা খেতি ডৰাক ৰক্ষা কৰাৰ বাবে প্ৰাৰ্থনা জনায় ৷ ইফালে, সন্ধিয়া বঙাইগাঁও চহৰৰ লগতে গাঁৱে - ভূঞে কাতি বিহু উপলক্ষে ঘৰে-ঘৰে তুলসীৰ তলত চাকি জ্বলাই শৰাই আগবঢ়োৱাৰ লগতে চলে নাম- প্ৰসংগও ৷ সেইদৰে ধাননি পথাৰত শাৰী শাৰী বন্তি প্ৰজ্বলন কৰি কৃষক ৰাইজে জনাই লক্ষ্মী আইক সেৱা৷উল্লেখ্য যে আজিৰে পৰা অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি তুলসীৰ তলত এমাহ ধৰি প্ৰতিঘৰ অসমীয়াই সদায় এগছিকৈ চাকি জ্বলাই তুলসীক সেৱা জনাব ৷ 

Your Comments