পাকিস্তানক 'ব্লেক লিষ্ট' কৰাৰ কঠোৰ সকীয়নী 'এফএটিএফ'ৰ:সন্ত্ৰাসবাদী সংগঠনক পুঁজি যোগান বন্ধ কৰাৰ অন্তিম সময়সীমা ২০২০ চনৰ ফেব্ৰুৱাৰী

Pic

সন্ত্ৰাসবাদী সংগঠনলৈ পুঁজি যোগান সন্দৰ্ভত নজৰ ৰখা আন্ত:ৰাষ্ট্ৰীয় সংগঠন 'এফএটিএফ'এ শুকুৰবাৰে পাকিস্তানক কঠোৰ সকীয়নী প্ৰদান কৰিছে।সংগঠনটোৱে বক্তব্য প্ৰকাশ কৰিছে যে যদি পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে তৎকালে ব্যৱস্থা গ্ৰহণ নকৰে আৰু ২০২০ চনৰ ফেব্ৰুৱাৰীলৈ পুঁজি যোগান বন্ধ নকৰে, তেন্তে পাকিস্তানক 'ব্লেক লিষ্ট' কৰা হব।

উল্লেখ্য যে সন্ত্ৰাসবাদী সংগঠনক পুঁজি যোগান ধৰাৰ ক্ষেত্ৰত থকা ২৭ টা কাৰ্যসূচীৰ ২২ টা কাৰ্যসূচী সম্পন্ন কৰাতে পাকিস্তান ব্যৰ্থ হৈছে।উল্লেখ্য যে ব্লেক লিষ্ট হ'লে পাকিস্তানে কোনো আন্ত:ৰাষ্ট্ৰীয় বিত্তীয় সংগঠনৰ পৰা আৰ্থিক সাহায্য নাপাব।

Your Comments