নৱেম্বৰত অন্ত পৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকাল:চূড়ান্ত হ'ল কোন হ'ব পৰৱৰ্তী মুখ্য ন্যায়াধীশ

Bobde

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকাল অন্ত পৰিবলৈ মাজত সম্পূৰ্ণ এটা মাহ বাকী।১৭নৱেম্বৰত অন্ত পৰিব মুখ্য ন্যায়াধীশ গগৈৰ কাৰ্যকাল।মুখ্য ন্যায়াধীশ গগৈৰ কাৰ্যকাল অন্ত পৰাৰ পিছত কোন হ'ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ,সেই কথা ইতিমধ্যে প্ৰায় চূড়ান্ত হৈছে।কিয়নো মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ইতিমধ্যে প্ৰস্তাৱ কৰিলে পৰৱৰ্তী হ'ব লগা মুখ্য ন্যায়াধীশগৰাকীৰ নাম।সেই অনুসৰি গগৈৰ পিছত দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব বৰ্তমানৰ জ্যেষ্ঠ ন্যায়াধীশ শৰদ অৰৱিন্দ ববডে।উল্লেখ্য যে ইতিমধ্যে ন্যায়াধীশ ববডেৰ নাম প্ৰস্তাৱ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

গুৰুত্বপূৰ্ণ কথা এই যে ১ বছৰ ৫ মাহৰ বাবে ববডেই ১৮ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব।সেই অনুসৰি তেওঁৰ কাৰ্যকালৰ অন্ত পৰিব ২০২১ চনৰ ২৩ এপ্ৰিলত।

১৯৫৬ চনৰ ২৪ এপ্ৰিলত জন্মগ্ৰহণ কৰা শৰদ অৰৱিন্দ ববডেক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে।তাৰ পূৰ্বে তেওঁ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত ২০১২-১৩ চনলৈকে মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Your Comments