প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহাৰাষ্ট্ৰৰ বিধানসভাৰ প্ৰচাৰ অভিযানত কংগ্ৰেছ আৰু এনচিপিক তীব্ৰ সমালোচনা কৰে।তেওঁ মহাৰাষ্ট্ৰৰ পৰলীত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয়-'কংগ্ৰেছৰ এজন নেতাই কৈছিল কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ সিদ্ধান্তই দেশক বিধ্বস্ত কৰি দিব।৩ মাহ পাৰ হ'ল।দেশ বিধ্বস্ত হ'ল নেকি?'প্ৰধানমন্ত্ৰী মোডীয়ে পুনৰ উল্লেখ কৰে-'কংগ্ৰেছৰ এগৰাকী নেতাই কৈছিল অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণৰ দ্বাৰা আমি কাশ্মীৰক হেৰুৱাই পেলালোঁ।আমি কাশ্মীৰক হেৰুৱালোঁ নেকি?'কংগ্ৰেছ আৰু এনচি লপি নেতাসকলক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়-'যদি আপোনা লোক কাশ্মীৰলৈ যাব বিচাৰিছে,মোক কওক।মই ব্যৱস্থা কৰি দিম।'
- Log in to post comments
- 3 views