ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিব প্ৰধান, শান্তিৰ নোবেল বঁটা বিজয়ী কফি আন্নানে আজি শেষ নিশ্চাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ ৷
কিছুদিন ধৰি তেওঁ শাৰীৰিক অসুস্থতাত ভুগি আছিল ৷ ছুইজাৰলেণ্ডৰ এখন চিকিৎসালয়ত আজি পুৱা মৃত্যুবৰণ কৰে ৰাষ্ট্ৰসংঘৰ প্ৰাক্তন সচিবপ্ৰধানজনে ৷
স্মৰ্তব্য যে ১৯৯৭ চনৰ জানুৱাৰীৰ পৰা ২০০৬ চনৰ ডিচেম্বৰলৈকে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ দায়িত্বভাৰ পালন কৰিছিল কফি আন্নানে ৷ ২০০১ চনত তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰে ৷
ঘানাত জন্মলাভ কৰা কফি আন্নানক আফ্ৰিকাৰ উন্নয়নৰ প্ৰতি বিশেষভাৱে দায়বদ্ধ পৰিলক্ষিত হৈছিল ৷
ৰাষ্ট্ৰসংঘৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁ শান্তিৰ হকে নিৰৱিচ্ছিন্নভাৱে কাম কৰি গৈছিল ৷
দৰিদ্ৰ, অভাৱগ্ৰস্তজনৰ প্ৰয়োজনৰ সময়ত নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা এইগৰাকী মানৱ দৰদীৰ মৃত্যুত সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পৰিছে ৷
- Log in to post comments
- 722 views