পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

naren sarma

বাহাৰঘাটৰ পৰা নৰেণ শৰ্মাৰ প্রতিবেদন :


কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখন সোমবাৰে মহাবিদ্যালয় প্ৰাংগনত দিনজোৰা কাৰ্য্যসূচীৰে অনুস্থিত হৈ যায়৷তদুপলক্ষে আবেলি ডেৰ বজাত ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তপন কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুস্থিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি নলবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক শচীন্দ্ৰ কুমাৰ কলিতাই ৰামায়ণ মহাভাৰতৰ লগতে বিভিন্ন ধৰ্মগ্ৰন্থৰ কাহিনীৰ উল্লেখ কৰি কয় যে জীৱনত সংগ্ৰাম অবিহনে উন্নতি কৰাটো টান৷ছাত্ৰছাত্ৰী সকলেও নিজক প্ৰতিষ্ঠা কৰিবলৈ গভীৰ অধ্যয়ন আৰু শ্ৰম কৰিব লাগিব৷সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড°প্ৰভাত চন্দ্ৰ কলিতা,অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড°পাচান আলী,সাংবাদিক নৰেন শৰ্মাকে ধৰি অধ্যাপক অধ্যাপিকা সকলৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷naren sarma2

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ সাংসদৰ সাধাৰণ সম্পাদক জয়ন্ত লহকৰে,আতধৰে ছাত্ৰ সাংসদৰ সভাপতি ইমামুদ্দিন আহমেদে৷মহাবিদ্যালয়খনৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক ড°ৰাতুল শৰ্মাৰ ৰচিত আৰম্ভণি গীতৰে আৰম্ভ কৰা সভাখনৰ অন্তত সাংস্কৃতিক অনুস্থান উদ্বোধন কৰে আৰৱী বিভাগৰ মুৰব্বী অধ্যাপক মৌলনা খাইৰুজ জামানে৷অনুস্থানত জনপ্ৰিয় শিল্পী মুকুট ডেকা,ভায়োলিনা কাশ্যপ আৰু চুমিয়াৰা বেগমে গীত মাত পৰিবেশন কৰে৷ইয়াৰ আগতে 
পূৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন,ছাত্ৰ সাংসদৰ পতাকা উত্তোলন,শ্বহীদ তৰ্পণ,বৃক্ষ ৰোপন,মুকলি চৰা আদি কাৰ্য্যসূচী সম্পন্ন কৰে৷

Your Comments