ৰাজীৱ পাতিৰ,মাজুলী :
যিকোনো মূহুৰ্ততে পথচাৰী কিম্বা দুচকীয়া-চাৰিচকীয়া বাহনে অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'ব পাৰে মাজুলীৰ অতি ব্যস্ত পথ দৰিয়া-গুৱলাবাৰী গড়কাপ্তানি পথৰ উত্তৰ কমলাবাৰী সত্ৰৰ জৰাজীৰ্ণ কাঠৰ দলংখনৰ ওপৰত । উজনি আৰু মধ্য মাজুলী অঞ্চলৰ বহু লোকে বিকল্প পথ হিচাপে গ্ৰহণ কৰি এই গড়কাপ্তানি পথেদি মধ্য মাজুলীৰ ব্যৱসায়িক কেন্দ্ৰ তথা মাজুলীৰ দুৱাৰমুখ কমলাবাৰী চাৰিআলিলৈ যাতায়ত কৰি আহিছে।পথছোৱাৰে দৈনিক যাতায়তৰ ভিৰ বাঢ়িব লোৱাত পথছোৱাত থকা পুৰণি জৰাজীৰ্ণ কাঠৰ দলং খনৰ ওপৰত যথেষ্ট হেঁচা পৰা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দলং খনৰ পচা কাঠবোৰ যি কোনো সময়তে সুলকী পৰাৰ আশংকা ঘনীভূত হৈছে স্হানীয় পথচাৰীৰ । মাজুলী গড়কাপ্তানি বিভাগৰ তৎপৰতা তথা মেৰামতিৰ অভাৱত পথচাৰীয়ে বিপদসংকুলভাৱে এই জৰাজীৰ্ণ কাঠৰ দলঙেদি পাৰাপাৰ হৈছে যদিও তেওঁলোকৰ মাজত বৃদ্ধি পাইছে ভয় আৰু শংকা । দলংখনৰ অৱস্থা ইমানেই বিধ্বস্ত হৈ পৰিছে যে যিকোনো সময়ত ভাগি পৰাৰ সম্ভাৱনা আহি পৰিছে । এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতো যেন গা লৰা নাই মাজুলী জিলা প্ৰশাসন কিম্বা গড়কাপ্তানি বিভাগৰ। উল্লেখ্য যে যোৱা ২০১৭ চনৰ ৩১ ডিচেম্বৰত মাটি ভৰ্তি এখন ট্ৰাক দলং ভাঙি সোমাই যোৱাৰ ফলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিৰ মধ্য মাজুলীৰ দৰিয়া-গুৱলাবাৰী ব্যস্ত গড়কাপ্তানী পথৰ ওপৰত থকা কাঠৰ দলংখনৰ কিছু অংশ ক্ষতিগ্ৰস্ত হোৱাত উক্ত পথেৰে চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ আছে। সংলিষ্ট কৰ্তৃপক্ষই ভলুকা বাঁহেৰে কাঠৰ দলংখনৰ আংশিক মেৰামতি কৰি সৰু বাহনৰ যাতায়তৰ বাবে মুকলি কৰে। এই কথাত স্থানীয় ৰাইজে আপত্তি কৰাৰ পিছত শীঘ্ৰে কাঠেৰে দলংখন মেৰামতি কৰিম বুলি বিভাগীয় কৰ্তৃপক্ষই ৰাইজক আশ্বস্ত কৰিছিল যদিও বিগত দুটা বছৰে দলংখনৰ কোনো মেৰামতিৰ ব্যৱস্থা নকৰিলে । শেহতীয়াকৈ কোটি টকাৰ ব্যয় সাপেক্ষে এখনি পকী দলং নিৰ্মানৰ কাম আৰম্ভ হৈছেহে মাথোঁ,দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱালৈকে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব । এনে পৰিপ্ৰেক্ষিতত অতি ব্যস্ত পথটোৰ ওপৰত থকা কাঠৰ দলংখন মেৰামতিৰ জৰুৰী হৈ পৰিছে যদিও এই বিষয় সন্দৰ্ভত কোনো কানসাৰ নাই বিভাগীয় কতৃপক্ষৰ। চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ থকাৰ বাবে জৰুৰীকালিন সেৱা মৃত্যুন্জ্ঞয় ১০৮ এম্বুলেন্স নোযোৱাত ৰোগীসকল সমস্যাৰ সন্মুখীন হৈছে। দলংখনত থকা ডাঙৰ ডাঙৰ ফুটা অংশৰ বাবে অঞ্চলৰ বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে পথাচাৰীও সন্মুখীন হৈ আহিছে এক বিপদজনক যাতায়াত ব্যৱস্থাৰ । শিক্ষাৰ্থী তথা সাধাৰণ যাত্ৰীৰ নিৰাপত্তাৰ দাবীত মাজুলী জিলা উপায়ুক্তৰ হস্তক্ষেপৰ জৰিয়তে শীৰ্ঘে দলংখন মেৰামতি কৰাৰ বাবে স্হানীয় ৰাইজে দাবী জনাইছে ।
- Log in to post comments
- 18 views