হাতত ক্ৰিকেট বেট লৈ বিধায়িকা আঙুৰলতা ডেকাই মাৰি গ'ল এটাৰ পাছত আন এটা ছয়.....

batadraba

বটদ্ৰৱাৰ পৰা নিপন নাথৰ প্রতিবেদন :

সঘনাই চর্চালৈ আহে বিধায়িকা আঙুৰলতা ডেকা। ভিন্ন সময়ত, ভিন্ন ৰূপত,ভিন্ন কাৰ্যকলাপেৰে সদায় চৰ্চাৰ তুংগত থাকে বিধায়িকা আঙুৰলতা ডেকা । কেতিয়াবা যদি ফুটবল খেলি, কেতিয়াবা আকৌ বিহু হুচৰি গাই, কেতিয়াবা যদি ৰাস নৃত্য কৰি বৰষি বাই কেতিয়াবা আকৌ বাইক চলাই। বিভিন্ন ৰূপত দেখিবলৈ পোৱা যায় বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতাক । শনিবাৰেও সমষ্টিত আন এক ব্যতিক্ৰমী ৰুপত দেখা পোৱা গল বিধায়িকা গৰাকীক । শনিবাৰে হাতত বেট লৈ খেলপথাৰত ক্ৰিকেটাৰৰ ৰূপত দেখা পোৱা গ'ল বিধায়িকা আঙুৰলতা ডেকাক । প্ৰথমেই হাতত বেট লৈ তীব্ৰ গতিত খেলপথাৰত নামিল আঙুৰলতা । আৰু তাৰ পাছতেই আৰম্ভ কৰিলে এটাৰ পাছত আন এটা ছয় । শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি মাৰিলে কেইবাটাও ছয় । বিধায়িকাৰ ছয় মৰা দেখি ভয়ত কম্পমান আন এগৰাকী মহিলা বলাৰ । সেয়ে এটা বলৰ পাছত আন বল হৈছে অাওট । batdrba

উল্লেখ্য যে, যোৱা ৩০ জুনৰ  পৰা ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ডুমডুমীয়া ক্ৰীড়া সংঘৰ উদ্যোগত অনুষ্ঠিত হৈছিল নক আউট প্ৰাইজমানী টুৰ্ণামেণ্ট ক্ৰিকেট প্ৰতিযোগিতাৰ । তাৰেই ফাইনেল খেলখন অনুষ্ঠিত হয় শনিবাৰে । শনিবাৰৰ অনুষ্ঠিত এই চূড়ান্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হয় ডুমডুমীয়া আঞ্চলিক ক্ৰিকেট ক্লাব বনাম বৰধুন তাছ ক্লাৱৰ মাজত । বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ঊদ্বোধন কৰে এই চূড়ান্ত খেলখনি ৷ বিধায়িকা আঙুৰলতাৰ উপস্থিতিয়ে ক্ৰীড়াপ্ৰেমী ৰাইজৰ লগতে খেলুৱৈ সকলকো দুগুনে উৎসাহিত কৰা পৰিলক্ষিত হয় ৷

Your Comments