পুৰণিগুদামৰ শিক্ষাবিদ-শিল্পী মহৎ চন্দ্ৰ বৰাৰ ৮৪ সংখ্যক ওপজা দিন উদযাপন

nagaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্রতিবেদন :

নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ শিক্ষাবিদ,শিল্পী,সমাজকৰ্মী,নাট্যকাৰ,অভিনেতা মহৎ চন্দ্ৰ বৰাৰ ৮৪ সংখ্যক ওপজা দিন শণিবাৰে উদযাপন কৰা হয় ।  পুৰণিগুদামৰ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বিশিষ্ট শিক্ষাবিদ,সাংবাদিক,সাহিত্যিক যুগল চন্দ্ৰ গোস্বামীয়ে । নগাঁৱৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান সাৰদা সংগীত কাননৰ উদ্যোগত আয়োজিত এই সভাতে মহৎ চন্দ্ৰ বৰাৰ বিষয়ে আলোকপাত কৰে শিল্পী গোলাপ বৰা,চিত্তৰঞ্জন বৰাৰ লগতে সমাজকৰ্মী অনিল বৈৰাগী,শাখা সাহিত্য সভাৰ সভাপতি দ্বিজেন্দ্ৰ মোহন শইকীয়াই ।সাৰদা সংগীত কাননৰ অধ্যক্ষ প্ৰশান্ত গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত শিশু শিল্পী বিমুগ্ধা বিস্মৃতা গায়ন,দক্ষিণা কাশ্যপে গীত,শুভষণা কাশ্যপ,সুদক্ষিণা কাশ্যপে নৃত্যৰ লগতে মহৎ চন্দ্ৰ বৰাক লৈ লিখিত গীত পৰিৱেশন কৰে অমৃতা কৌৰ আৰু প্ৰশান্ত গোস্বামীয়ে ।

nagaon সাৰদা সংগীত কাননে শিল্পীগৰাকীক মানপত্ৰ,জাপি,গামোচা,চেলেং আৰু কিতাপৰ টোপোলাৰে ওপজা দিনৰ ওলগ জনায় উল্লেখযোগ্য যে ১৯৩৫ চনৰ ১৪ ছেপ্টেম্বৰত পুৰণিগুদামৰ সমীপৰ নলবৰাগাঁৱত মহৎ চন্দ্ৰ বৰাই জন্মগ্ৰহণ কৰিছিল ।শাৰীৰিক বাধাকো নেওচি বৰাই পুৰণিগুদামৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাটক,ভাওনাত সুদক্ষ অভিনয় কৰাৰ লগতে কেইবাগৰাকী জনপ্ৰিয় শিল্পীৰ লগত বাদ্য সংগত কৰিছিল । তদুপৰি বৰাই বহুকেইখন নাটক লিখাৰ উপৰি চলচ্চিত্ৰত অভিনয় কৰিছে । ৰাজ্য চৰকাৰে মহৎ চন্দ্ৰ বৰাক চলিত বৰ্ষত শিল্পী পেঞ্চন আগবঢ়োৱাত স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে ।

Your Comments