যুগদ্ৰষ্টাগৰাকীৰ শেষ বিদায়ত উপস্থিত থাকিল বিদেশৰ বহু প্ৰতিনিধি

যুগদ্ৰষ্টাগৰাকীৰ শেষ বিদায়ত উপস্থিত থাকিল বিদেশৰ বহু প্ৰতিনিধি

দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকস্তব্ধ সমগ্র বিশ্ব । মানৱতাবাদী নেতা হিচাপে বিশ্বত পৰিচিত আছিল ৰাষ্ট্ৰীয় নেতাগৰাকী ।

বাজপেয়ীক শেষ বিদায় জনাবলৈ নতুন দিল্লীত উপস্থিত হৈছিল বিদেশৰ বহু নেতা । ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত বাজপেয়ীয়ে মধুৰ সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা কৰিছিল ।

যুগদ্ৰষ্টাগৰাকীৰ শেষ বিদায়ত উপস্থিত থাকিল বিদেশৰ বহু প্ৰতিনিধি

বাজপেয়ীৰ শেষ যাত্ৰাত অংশগ্ৰহণ কৰে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী আব্দুল হাছান মেহমুদ আলী । উপস্থিত থাকে ভূটানৰ ৰজা জিগমে খেচাৰ নামগেইল ৱাংচুক ।

পাকিস্তানৰ তদাৰকী চৰকাৰৰ মন্ত্ৰী ছায়েদ আলী জাফৰ আৰু নেপালৰ বিদেশ মন্ত্ৰী প্ৰদীপ কুমাৰ গ্যাৱালী উপস্থিত থাকে । নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অলিয়ে বিশ্ববাসীৰ কাষৰ পৰা এগৰাকী মানৱতাবাদী নেতা আঁতৰি গ'ল বুলি উল্লেখ কৰে ।

যুগদ্ৰষ্টাগৰাকীৰ শেষ বিদায়ত উপস্থিত থাকিল বিদেশৰ বহু প্ৰতিনিধি


বাজপেয়ীক এগৰাকী মানৱতাবাদী নেতা বুলি প্ৰকাশ কৰে বিবিচিয়ে । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ৰাষ্ট্ৰীয় নেতাগৰাকীৰ বিষয়ে সম্প্ৰচাৰ কৰে ।

বাজপেয়ীৰ সকলো দিশ বিবিচিয়ে সম্প্ৰচাৰ কৰে । 'দ্য নিউয়ৰ্ক টাইমছ' কাকতত বাজপেয়ীৰ প্ৰশংসাত বহু বিষয় উল্লেখ কৰে । পোখৰাণৰ পাৰমাণৱিক পৰীক্ষাণৰ ক্ষেত্রত প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে দেখুওৱা সাহসৰ বিষয়ে 'নিউয়ৰ্ক টাইমছ'ত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।

যুগদ্ৰষ্টাগৰাকীৰ শেষ বিদায়ত উপস্থিত থাকিল বিদেশৰ বহু প্ৰতিনিধি

'দ্য গাৰ্জিয়েন' কাকততো বাজপেয়ীৰ প্ৰসংগত বহু বিষয় উল্লেখ কৰিছে । পাকিস্তানৰ পৰা প্ৰকাশিত 'ডন' কাকততো বাজপেয়ীক প্ৰশংসা কৰি বাতৰি প্ৰকাশ কৰিছে ।

বাজপেয়ীয়ে পাকিস্তানৰ সৈতে শান্তি আলোচনাৰ পথ প্ৰশস্ত কৰিছিল বুলি ডন কাকতত প্ৰকাশ কৰিছে । 
ৰাষ্ট্ৰনেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি নতুন দিল্লীৰ ব্ৰিটিছ দূতাবাসত অৰ্ধনমিত কৰি ৰখা হয় ইউনিয়ন জেক ।


 

Your Comments