বৈদিক নিয়মৰে শেষকৃত্য সম্পন্ন হ’ল যুগদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীৰ ৷ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় স্মৃতিস্থলত দেশ-বিদেশৰ প্ৰতিনিধিসকলৰ লগতে লক্ষ লক্ষ গুণমুগ্ধ ভাৰতীয়ৰ উপস্থিতিত শেষকৃত্য সম্পন্ন হ’ল জননেতাগৰাকীৰ ৷
জনসমুদ্ৰৰ মাজেৰে জননেতাৰ চিৰ বিদায় ৷ ৰাষ্ট্ৰীয় নেতাগৰাকীৰ মুখাগ্নি কৰিলে কন্যা নমিতা ভট্টাচাৰ্যই ৷ নাতিনী নিহাৰিকা আৰু পৰিয়ালৰ লোকে সহযোগ কৰিলে কন্যা নমিতা ভট্টাচাৰ্যক ৷ ২১টা টোপধ্বনিৰে ৰাষ্ট্ৰীয় শ্ৰদ্ধা জনোৱা ৰাষ্ট্ৰীয় স্মৃতিস্থলত দেশৰ নেতৃবৰ্গৰ লগতে বহুকেইজন বিদেশৰ প্ৰতিনিধি উপস্থিত থাকে ৷
নেপাল, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তানৰ প্ৰতিনিধি তথা মন্ত্ৰী উপস্থিত থাকে ৷ ভূটানৰ ৰজাই শ্ৰদ্ধাঞ্জলি জনায় ৷ দক্ষিণ-পূব এছিয়াতো শোকৰ ছাঁ পৰে ৷ মহানায়কগৰাকীৰ মহাপ্ৰস্থানক লৈ দেশৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ ৰাষ্ট্ৰীয় স্মৃতিস্থলত অটলঘাট নিৰ্মাণ কৰা হ’ব ৷
- Log in to post comments
- 12 views