নিউজ ডেস্ক:
ৰাছিয়া ভ্ৰমণৰ দ্বিতীয় দিনা আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ' আবে আৰু মালয়ছিয়াৰ প্ৰধানমন্ত্ৰী মহাথিৰ মহম্মদৰ সৈতে সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে ব্লাডিভস্তকত পঞ্চম পূৰ্ব অর্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰিব।উল্লেখ্য যে এই সন্মিলনৰ প্ৰধানমন্ত্ৰী মোডী মুখ্য অতিথি।শ্বিনজ' আবে আৰু মহাথিৰ মহম্মদেও এই সন্মিলনত অংশগ্ৰহণ কৰিব।মোডীয়ে ভাৰত-ৰুচিয়া ব্যৱসায়িক সন্মিলনতো অংশগ্ৰহণ কৰিব।
- Log in to post comments
- 4 views