নগাঁৱৰ পৰা ৱাহিদুদ জামানৰ প্রতিবেদন :
নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মঙলবাৰে নিশা প্ৰায় ১১.৩০বজাত জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত চতিয়ান গাঁৱত অভিযান চলাই মাইনুল হক(২৮)নামৰ এজন কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰে।ধৃত ডকাইত জনৰ জিম্মাৰ পৰা আৰক্ষীয়ে কাৰখানাত নিৰ্মিত এটা নাইন এম এম পিষ্টল আৰু দুই জাঁই সজীৱ গুলী জব্দ কৰে।পিষ্টল আৰু গুলী কেইটা তেওঁ জোতা ৰখা এটা কাৰ্টুনৰত ভৰাই ৰাখিছিল।অভিযানটোৰ নেতৃত্বত আছিল নগাঁৱৰ উপ আৰক্ষী অধীক্ষক (ডি এছ বি) জন দাস, বটদ্ৰৱাৰ চক্ৰ পৰিদৰ্শক, আৰু জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।ধৃত ডকাইত জন বিভিন্ন ডকাইতিৰ ঘটণাৰ লগত জড়িত থকা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। সম্প্ৰতি নগাঁও আৰক্ষীয়ে ৩৮৮/১৯নম্বৰৰ এটা গোচৰ ৰুজু কৰি অধিক তথ্য উদঘাটনৰ বাবে মাইনুলক জেৰা কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে।
- Log in to post comments
- 17 views