জ্যেষ্ঠ চিকিৎসক দেবেন দত্তৰ নৃশংস হত্যাৰ প্ৰতিবাদত শিৱসাগৰতো চিকিৎসক- স্বাস্থ্যকৰ্মীৰ কৰ্মবিৰতি : মমবাতি লৈ মৌন সমদল

sibsagar

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

 জ্যেষ্ঠ চিকিৎসক দেবেন দত্তৰ যোৱা ৩১ আগষ্টত টিয়ক চাহ বাগিছাত  নৃশংস হত্যাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো চিকিৎসকৰ লগতে স্বাস্থ্যকৰ্মীয়ে ২৪ ঘন্টীয়া কৰ্মবিৰত পালন কৰিছে । মঙলবাৰে পুৱা ৬ বজাৰ পৰা আজি পুৱা ৬ বজালৈ চলি থকা এই কৰ্মবিৰতি জিলাখনৰ  চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ সকলো চিকিৎসক-কৰ্মচাৰীয়ে পালন কৰিছে। অৱশ্যে জৰুৰীকালীন ৰোগীৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়কে ধৰি স্বাস্থ্য কেন্দ্ৰ সমুহত জৰুৰীকালীন সেৱা অব্যাহত ৰাখিছে। 

প্ৰতিবাদস্থলীৰ পৰা চিকিৎসক সকলে হুংকাৰ দিয়ে যে যদি জেষ্ঠ্য চিকিৎসক দেবেন দত্তৰ হত্যাৰ সু বিচাৰ নাপাও আৰু চিকিৎসক সকলৰ যদি নিৰাপত্তাৰ ব্যৱস্থা চৰকাৰে নলয় তেন্তে ৰাজ্যৰ চিকিৎসকসকলে ইয়াতকৈও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি মন্তব্য কৰে।

ইফালে আই এম এ  শিৱসাগৰ শাখা আৰু এ এম এচ এ শিৱসাগৰ শাখাৰ উদ্যোগত মঙলবাৰে সন্ধিয়া ৭ বজাত এখন শোক সভা অনুষ্ঠিত হয়। চহৰৰ দ'লমুখ চাৰিআলিৰ জয়দেৱাল খেমকা মাতৃ সদনত অনুষ্ঠিত শোক সভাত জেষ্ঠ্য চিকিৎসক দেবেন দত্তৰ আত্মাৰ সদগতিৰ বাবে মৌন প্ৰাৰ্থনা কৰা হয়।  তাৰ পিছতেই চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকলে হাতে হাতে মম বাতি লৈ  হস্পিতেল ৰোড, এ টি ৰোড হৈ বৰ্ডিং ফিল্ডেদি এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

Your Comments