নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী "কাব্যদিন" সোমবাৰে ডিফু কবি সন্মিলনৰ উদ্যোগত ডিফু লেখিকা সমাৰোহ সমিতিৰ ডঃ মামণি ৰয়ছম গোস্বামী ভৱনত অনুষ্ঠিত হয় । বিশিষ্ট সাহিত্যিক পাৰি ৰংপিৰ সঞ্চালনাত দিনৰ এঘাৰ বজাত অনুষ্ঠিত সভাখনত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগাম, ডিফু কবি সন্মিলনৰ সভাপতি পুতুল চেতিয়া, সন্মিলনৰ প্ৰচাৰ সম্পাদক মদাৰজ্যোতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সঞ্জীৱ সাগৰ চৌধুৰী, মনোজ নেওগ, হোজাই জিলা কবি সন্মিলনৰ উপ সভাপতি দেৱৰাজ মিলি, নগাঁও জিলাৰ আজীৱন সভ্য পৱন শৰ্মা, ধিং আঞ্চলিক কবি সন্মিলনৰ সম্পাদক দীপজ্যোতি কাকতি উপস্থিত থাকে । পুতু দেৱীৰ গীতেৰে শুভাৰম্ভ হোৱা সভাখনত টাবু টাইদ, সুষমা স্বৰাজ, অৰুণ জেটলি, পূৰৱী বৰমূদৈ প্ৰমূখ্যে প্ৰয়াত বিশিষ্ট ব্যক্তি সকলৰ স্মৃতিত শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয় । ইয়াৰ পাছতেই আদৰণি ভাষণত সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে কাৰ্বিআংলঙে অসমীয়া কাব্য সাহিত্যৰ উৎকৰ্ষৰ বাবে অনাগত দিনত গুৰিবঠা ধৰিব লাগিব বুলি মত প্ৰকাশ কৰে । তেওঁ লগতে কয় যে জনগোষ্ঠী সমূহৰ মাজত আপোন ভাষাত কাব্য চৰ্চাৰ উত্তৰণৰ মাজেৰে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধি ঘটাব লাগিব । ধনীৰাম তিছ, দিপালী আম্ফি ৰংপিপী, মেৰী লাহন, কামিনী বড়ো, কৌস্তভ খাউণ্ড, গীতা বৰা, ৰাণু শইকীয়া ক্ৰপী, ইৰাজ শইকীয়া, পংকজ ডেকা, মালিনী বংৰংপী, ৰবীন বেজবৰুৱা, ভৱপ্ৰসাদ দেউৰী, মঞ্জু টেৰংপী, পৰিমিতা গোস্বামী, প্ৰজ্ঞা পাৰমিতা বৰুৱা, ঔম প্ৰকাশ নাথ, দেৱানন্দ মৰাং, অশোক ঠাকুৰ, মনোজ নেওগ, ডামিনী বড়ো, দিগন্ত মহন্ত, মদাৰজ্যোতি, ডিম্বেশ্বৰ বৰা, ডিম্বেশ্বৰ গগৈ, দেৱৰাজ মিলি, অতুল বৰুৱা, বিদুল বৰুৱা প্ৰমূখ্যে প্ৰায় দুকুৰি কবিৰ কবিতা পাঠৰে মুখৰিত কাব্যদিনৰ অন্তত ডিফু কবি সন্মিলনৰ সভাপতি পুতুল চেতিয়াই উদ্যোক্তাসকলৰ হৈ বক্তব্য ৰাখে । সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰ পাঠৰে সামৰণি পৰা উক্ত সভাতেই পাৰি ৰংপিক সভাপতি, ভৱপ্ৰসাদ দেউৰীক সম্পাদক আৰু জয়ছিং টকবিক পত্ৰিকা সম্পাদক ৰূপে লৈ গঠন কৰা কাৰ্বিআংলং জিলা কবি সন্মিলনৰ তদৰ্থ সমিতিৰ হাতত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদকে সন্মিলনৰ পতাকা আৰু সংবিধান প্ৰদান কৰে ।
- Log in to post comments
- 34 views