বৰখালাত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন 

naren sarma

নৰেন শৰ্মা,বাহাৰঘাট :

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মঙলবাৰে নলবাৰী জিলাৰ বৰভাগ ইউনাইটেড স্পোৰ্ষ্টচ্ ক্লাৱেও ৩৬ সংখ্যাক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰে৷সেই উপলক্ষে ৰাতিপুৱা ছয়বজাত বৰখালাস্থিত ক্লাৱৰ কাৰ্য্যালয় পৰা সমূহীয়া দৌৰ, খেলুৱৈ সম্বৰ্দ্ধনা আদি কাৰ্য্যসূচী ৰূপায়িত কৰে৷সমূহীয়া দৌৰ উদ্বোধন কৰে সমাজকৰ্মী নন্দৰাম শইকীয়াই ,অনুস্থানত খেলুৱৈ তথা থানপাতকুছি নিবাসী অৰুণ লহকৰ আৰু ১নং ধুহি নিবাসী ইছলামুদ্দিন আহমেদক সম্বৰ্দ্ধনা জনোৱা হয়।

Your Comments