বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰৰ প্রতিবেদন :
টিয়ক চাহবাগানৰ হস্পিতালত কৰ্তব্যৰত অৱস্থাত চিকিৎসক ডা: দেবেন দত্তক শনিবাৰে আবেলি এচাম দুস্কৃতিকাৰীয়ে অত্যাচাৰ কৰি হত্যা কৰাৰ ঘটনাক আজি তীব্ৰ প্ৰতিবাদ জনাই ইলোৰা বিজ্ঞান মঞ্চৰ বৰপেটাৰোড শাখাই ৷ সমিতিখনৰ সদস্যসকলে আজি সন্ধিয়া বৰপেটাৰোডৰ বজাৰত অৱস্থিত চাৰিমূৰ্তি পাৰ্কত প্ৰথমতে কেণ্ডেল জ্বলাই ডাঃ দেবেন দত্তৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৷ পিছত অনুষ্ঠিত এক অনুষ্টুপীয়া পথ সভাত ইলোৰা বিজ্ঞান মঞ্চৰ বৰপেটাৰোড শাখাৰ সভাপতি ডাঃ নাৰায়ণ দাসে কয়-- মানৱ সেৱাত অৱসৰৰ পিছতো নিজকে উচৰ্গা কৰা বৰ্ষীয়ান চিকিৎসক এজনক নিৰ্মমভাৱে হত্যা কৰা কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো ৷ লগতে হত্যাকাণ্ডৰ লগত জড়িত দোষী সকলক অতি সোনকালে দৃষ্টান্ত মূলক শাস্তি দিবলৈ দাবী চৰকাৰ আৰু ন্যায়িক ব্যৱস্থাৰ ওচৰত দাবী জনাইছোঁ ৷
- Log in to post comments
- 8 views