নিউজ ডেস্ক:
সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতা আৰু মিথ্যাচাৰিতাক ৰাষ্ট্ৰনীতিৰ অংশ কৰি লোৱা পাকিস্তানে পুনৰ ৰং সলাইছে।এইবাৰ পুনৰ পাকিস্তানে ভাৰতৰ সৈতে আলোচনা কৰিবলৈ আতুৰ হোৱাৰ মানসিকতা প্ৰদৰ্শন কৰিছে।এইবাৰ পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানে কৈছে যে পাকিস্তানে ভাৰতৰ সৈতে কাশ্মীৰ বিষয়ত আলোচনা কৰিবলৈ বিচাৰে।পাকিস্তানে ভাৰতৰ সৈতে কেতিয়াও যুদ্ধ আৰম্ভ নকৰে বুলিও খানে উল্লেখ কৰে।পাকিস্তানে কোনো পৰিস্থিতিতে প্ৰথমতে পৰমাণু আক্ৰমণ নকৰে বুলিও মন্তব্য কৰে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ইমৰাণ খানে ভাৰতক পৰমাণু আক্ৰমণৰ ভাবুকি দিছিল।ভাৰতেও এই ভাবুকিৰ সমুচিত প্ৰত্যুত্তৰ দিয়াৰ পিছত ইমৰান খানে এতিয়া সুৰ সলাইছে।অৱশ্যে,মিথ্যাচাৰত পাকৈত বুলি নাম থকা পাকিস্তানী শাসক পক্ষই আগন্তুক কিছু দিনত পুনৰ নতুন স্থিতি লোৱাটোও নিশ্চিত।
- Log in to post comments
- 41 views