পাকিস্তানৰ নানকানা ছাহিবত এগৰাকী শিখ যুৱতীৰ ধৰ্ম পৰিৱৰ্তন কৰাটোৱে পঞ্জাবত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে ধর্ম পৰিৱৰ্তনৰ বিষয়টোক অতি গুৰুতৰ আখ্যা দিছে।পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে
ধর্ম পৰিৱৰ্তন কৰা অভিযুক্তসকলৰ বিৰুদ্ধে ততালিকে ব্যৱস্থাৰ দাবী জনাইছে অমৰিন্দৰ সিঙে।
উল্লেখ্য যে জগজিৎ কৌৰ নামৰ যুৱতীগৰাকীক নানকানা ছাহিবৰ পৰা অপহৰণ কৰি ইছলাম ধৰ্মাৱলম্বী কৰা হৈছিল আৰু এগৰাকী মুছলমান যুৱকৰ সৈতে বিয়া দি দিয়া হৈছিল।
- Log in to post comments
- 44 views