নলবাৰীৰ মৰোৱাৰ পৰাই আৰম্ভ কৰিলে থিয়েটাৰ ভাগ্যদেৱীৰ ৫২ সংখ্যক নাট্যযাত্ৰা

naren sarma

নৰেন শৰ্মা,বাহাৰঘাট :

নলবাৰী জিলাৰ মৰোৱাৰ থিয়েটাৰ ভাগ্যদেৱীয়ে যোৱা বুধবাৰে ২০১৯/২০ চনৰ বাবে নাট্যযাত্ৰা আৰম্ভ কৰে৷সেই উপলক্ষে মৰোঁৱা শংকৰদেৱ ক্ষেত্ৰত নাট্যদলটোৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজিত হয় এক বৰ্নিল অনুস্থান। অনুষ্ঠানটোত বন্তি প্ৰজ্বালন,প্ৰয়াত শৰৎ মজুমদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ,মুখপত্ৰ উন্মোচন আদিৰ লগতে মঞ্চ মুকলি কৰে এমট্ৰনৰ সহ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই৷মঞ্চ মুকলি কৰি কায়স্থই কয় যে নাটক হৈছে গনসংযোগ আৰু গণসচেতনতাৰ উৎকৃষ্ট মাধ্যম৷এই নাটকৰ জৰিয়তে ভ্ৰাম্যমাণ থিয়েটাৰে অসমত নাট্য আন্দোলন  তীব্ৰতৰ কৰি তোলাৰ লগতে গনমুখী কৰিবলৈ সক্ষম হৈছে৷তেওঁ লগতে কয় যে নাটক হৈছে দৰ্শকৰ উপভোগ্য আহিলা৷ দৰ্শক নহলে নাটক পানী নোহোৱা পুখুৰীৰ দৰে৷উক্ত অনুস্থানতে প্ৰবীন অভিনেতা জীৱেশ্বৰ ডেকাক শৰৎ মজুমদাৰ বঁটা প্ৰদান কৰে৷দৰ্শকৰে পূৰ্ণ প্ৰেক্ষাগৃহত উদ্বোধনী অনুস্থানৰ পিচতে মা মনসা গীতিনৃত্য নাতিকা আৰু নাট্যকাৰ হিমাংশু প্ৰষাদ দাস(হিমু)ৰ ৰচিত নাট লংকাকাণ্ড মঞ্চস্থ কৰে৷প্ৰায় দুঘণ্টা সময় দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰখা নাটখন সাম্প্ৰতিক কালৰ সকলো পৰ্যায়ৰ দৰ্শকৰ বাবে এখনি উপভোগ্য নাট৷ উদ্বোধনী অনুস্থানৰ আতঁধৰিছিল তিলক বৈশ্যই৷

Your Comments