কাশ্মীৰ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় মঞ্চত বেয়াকৈ মুখঠেকেচা খোৱাৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কেতিয়া কি কৰে,ঠিক নোহোৱা হৈছে।এতিয়া তেওঁ পাকিস্তানৰ জনতাক আহ্বান জনাইছে যে কাশ্মিৰী জনতাৰ সমৰ্থনত মাহৰ প্ৰতিটো শুকুৰবাৰে দুপৰীয়া ১২ বজাৰ পৰা ১২-৩০ বজাৰ ভিতৰত যি স্থানতে আছে,সেই স্থানতে ঠিয় হৈ দিবলৈ।কিন্তু ইমৰানৰ এই আজৱ ফৰমানক লৈ এতিয়া পাকিস্তানৰে সচেতন বৰ্গ,বিশেষকৈ একাংশ আগশাৰীৰ সাংবাদিক অসন্তুষ্ট হৈছে।
এনে সাংবাদিকসকলে স্পষ্টভাৱে কৈছে যে প্ৰথমতে ইমৰান খানে পাকিস্তানৰ পৰিস্থিতিলৈ মন দিয়াৰ প্ৰয়োজন।ইমৰান খানে পাকিস্তানত নিজে কি কৰি আছে,সেই দিশত গুৰুত্ব দিয়াৰ দৰকাৰ।আনহাতে, কেইবাগৰাকী আগশাৰীৰ পাকিস্তানী সাংবাদিকে ইমৰানৰ ফৰমানক টুইটাৰত তীব্ৰ কটাক্ষ কৰিছে।সাংবাদিক নাইলা ইনায়তে টুইট কৰিছে-'ব্ৰেকিং!!দুপৰীয়া ১২ বজাৰ পৰা ১২-৩০ বজাৰ ভিতৰত পাকিস্তানে ভাৰতৰ পৰা অহা বায়ু আৰু পানী বন্ধ কৰি দিব।
- Log in to post comments
- 157 views